৩০ বছৰৰ পাছত ২০২৫ চনত কুম্ভ এৰি মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ আগন্তুক ২৯ মাৰ্চ কৰ্মফলৰ দেৱতা শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিব৷ শনিৰ গোচৰ যি বছৰত ঘটে, জ্যোতিষশাস্ত্ৰ অনুসৰি বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত এই বছৰ বিশেষ প্ৰভাৱ পৰিব৷ এটা এটা ৰাশিত শনিয়ে আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে৷ সেই হিচাপত ১২ ৰাশিৰ সম্পূৰ্ণ চক্ৰ এবাৰ প্ৰদক্ষিণ কৰি আহিবলৈ শনিক সময় লাগে মুঠ ৩০ বছৰ৷
আগন্তুক ১৪ মাৰ্চ ২০২৫ত পালিত হ’ব দৌল পূৰ্ণিমা৷ আৰু ঠিক তাৰ কেইদিনমান পাছতেই ২৯ মাৰ্চত শনিয়ে কুম্ভ এৰি মীন ৰাশিত গোচৰ কৰিব৷ মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতিয়ে নিজৰ ঘৰত থকাৰ পাছত এইবাৰ বৃহস্পতিৰ ঘৰত প্ৰৱেশ কৰিব শনিয়ে৷ শনিৰ এই স্থান পৰিবৰ্তনৰ শুভ প্ৰভাৱ কোন কোন ৰাশিৰ জাতকৰ জীৱনত লক্ষ্য কৰা যাব৷ বিশেষকৈ এই সময়ত চাকৰিত চকুত লগা উন্নতি হ’ব৷ ইয়াৰোপৰি জীৱনসংগীৰো সমৰ্থন পাব৷ জানি থওক মীন ৰাশিত শনিৰ গোচৰৰ ফলত লাভবান হ’ব কোন কোন ৰাশিৰ জাতক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ