বাজেটত ১২ লাখ টকালৈকে আয় কৰা ব্যক্তিয়ে কৰ দিব নালাগে বুলি ঘোষণা কৰিছে চৰকাৰে৷ ইয়াৰপাছতো ষ্টেণ্ডাৰ্ড ডিডাকছন পাব আৰু ৭৫ হাজাৰ টকা৷ কিন্তু আপুনি জানেনে এই অংকৰ পৰা ১ লাখ যদি বেছিকৈ আয় কৰে তেতিয়াও আপুনি আয়কৰ দিব নালাগে৷ অৰ্থাৎ ১৩ লাখ ৭০ হাজাৰ পৰ্যন্ত আয়কৰ ক্ষেত্ৰতো আপুনি শূন্য আয়কৰ দিব লাগিব৷
এই স্থানত ধন বিনিয়োগ কৰিলে মুক্ত হ’ব আয়কৰৰ পৰা
আয়কৰৰ পৰা ৰেহাই পাবলৈ আপুনি বিনিয়োগ কৰিব লাগিব৷ যাতে বৃদ্ধ বয়সত আপুনি সেই টকা কামত লগাব পাৰে৷ আপুনি NPS অৰ্থাৎ নেশ্ব্যনেল পেঞ্চন চিষ্টেমত বিনিয়োগ কৰি ১৩ লাখ ৭০ হাজাৰ পৰ্যন্ত আয়লৈকে কৰ ৰেহাই পাব৷
এই বিনিয়োগত আপুনি ১৩.৭০ লাখ টকা আয়তো টেক্স দিব নালাগে
আপুনি যদি এজন বেতনভুগী ব্যক্তি হয় তেন্তে আপুনি NPSত আপোনাৰ মূল দৰমহাৰ ১৪শতাংশ পৰ্যন্ত বিনিয়োগ কৰি আয়কৰমুক্ত হোৱাৰ সুবিধা পাব পাৰে৷ ধৰক আপোনাৰ দৰমহা ১৩ লাখ ৭০ হাজাৰ টকা৷ মূল বেতন ৬ লাখ ৮৫ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে৷ এইক্ষেত্ৰত ৬ লাখ ৮৫ হাজাৰ টকাৰ পৰা ১৪শতাংশ হ’ব ৯৫ হাজাৰ ৯০০ টকা৷ অৰ্থাৎ এই অৰ্থ NPSত জমা কৰিলে আপুনি আয়কৰৰ পৰা ৰেহাই পাব পাৰে৷
আৰু কি কি সুবিধা
৭৫ হাজাৰ টকাৰ ষ্টেণ্ডাৰ্ড ডিডাকছন আপুনি মূল ধনৰ সৈতে যোগ কৰক৷ ইয়াত সুতৰ পৰিমাণ ১,৭০,০০০ টকা হ’ব পাৰে৷ আয়কৰ শ্লেৱ অনুসৰি ১২ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়ৰ ওপৰত কোনো কৰ নাই৷ NPSত ডিডাকছন আৰু ষ্টেণ্ডাৰ্ড ডিডাকছনৰ ১,৭০,০০০ টকা যোগ কৰিলে মুঠ এমাউণ্ট হ’ব ১৩,৭০,০০০ টকা৷ এই ধনৰ ওপৰত আপুনি কোনো কৰ দিব নালাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ