অতিকে শোকাৱহ, দুখন বাহনৰ ভয়ংকৰ সংঘৰ্ষত একে পৰিয়ালৰ ৫ জন নিহত, আহত ৮ জন
ৰাজস্থানত সোমবাৰে নিশা সংঘটিত হৈছে এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এটা পৰিয়ালৰে ৫ জনকৈ লোকে। ইয়াৰ উপৰি আন ৮ জন লোক আহত।
এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ নৱ নিৰ্নিত জিলা বালোত্ৰাত। এখন বলেৰ’ বাহন আৰু এখন অল্ট’ বাহনেৰে সংঘৰ্ষত এটা পৰিয়ালৰ ৫ জন লোকে প্ৰাণ হেৰুৱায়।
আৰক্ষীয়ে জনোৱা মতে, মেগা ঘাইপথৰ পায়ালা গাঁৱৰ সমীপত পৰিয়ালটোৱে কিছু ঘৰুৱা সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। বালোত্ৰাৰ আৰক্ষী অধীক্ষক হৰি শংকৰে জনোৱা মতে, বিপৰীত দিশৰ পৰা অহা এখন জীপৰ সৈতে গাড়ীখন সংঘৰ্ষত লিপ্ত হয়।
আৰক্ষীয়ে দুয়োখন বাহন জব্দ কৰি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। নিহত কেইগৰাকী হৈছে শিৱলাল ছোনী (৬০), তেওঁৰ পুত্ৰ শ্ৰৱণ ছোনী (২৮), মনদ্বীপ ছোনী (৪), ৰিংকু ছোনী (৬ মাহ) আৰু বিউটি ছোনী (২৫)। আহতসকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। যি সকলৰ অৱস্থা সংকটজনক তেওঁলোকক উন্নত চিকিৎসাৰ বাবে যোধপুৰলৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ