ধৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ বান, বৰ্তমানলৈ প্ৰাণ হেৰুৱালে ২৭ গৰাকী লোকে
নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ প্ৰাণ হেৰুৱালে বহু লোকে। আশ্ৰয়হীন হৈ পৰিছে বহু লোক। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে ২৭ গৰাকী লোকে হেৰুৱালে প্ৰাণ।
এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ব্ৰাজিলত। এছপিৰিটো নামৰ ৰাজ্যখনতেই অধিক ভয়ংকৰ পৰিস্থিতি। কেৱল সেই ৰাজ্যখনতেই এতিয়াকৈলে ১৯ গৰাকী লোকে প্ৰাণ হেৰুৱালে। বাকি ৮ গৰাকী ৰিঅ’ ডি জেনেৰিঅ’ৰ বুলি চৰকাৰী তথ্যত প্ৰকাশিত।
কেৱল মৃত্যুৱে নহয়, বৰ্তমানলৈ সন্ধানহীন হৈ আছে বহু লোক, সন্ধানহীনৰ তত্য চৰকাৰৰ হাতত নাই। আনহাতে প্ৰায় ৭০০০ লোকক স্থানান্তৰিত কৰা হৈছে অন্য সুৰক্ষিত ঠাইলৈ।
শ শ লোকৰ ঘৰ-দুৱাৰ নষ্ট হোৱাৰ লগতে বহু ঠাইত ভুমিস্খলনো হোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশিত।
উল্লেখ্য যে, ২০২২ চনটো এইবাৰৰ দৰে বৰষুণৰ ফলত বানপানী হৈছিল ব্ৰাজিলত। সেইবাৰ ৰিঅ’ ডি জেনেৰিঅ’ত ৩০ গৰাকী আৰু ছাও পলাওত ২০গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ