কোনোৱে হয়তো ক’ব এয়া প্ৰেমৰ টান৷ ব্ৰাজিলৰ এগৰাকী ৫১ বছৰীয়া মহিলা প্ৰেমত পৰিল ৩০ বছৰীয়া এগৰাকী ভাৰতীয় যুৱকৰ সৈতে৷ ছত্তিশগড়লৈ ফুৰিবলৈ আহিছিল এইগৰাকী বিদেশী মহিলা৷ তাতেই তেওঁ লগ পায় পৱন গোৱেল নামৰ ৩০ বছৰ বয়সীয়া নিৰাপত্তাৰক্ষীগৰাকীক৷ দুয়োৰে মাজত তাতেই পৰিচয়ৰো আদান প্ৰদান হয়৷ তেনেকৈ আৰম্ভ প্ৰেম৷
এই প্ৰেমত বয়স, ভাষা একোৱেই হেঙাৰ হ’ব নোৱাৰিলে৷ সামাজিক মাধ্যমত হোৱা আলাপৰ পৰা ফোন নম্বৰলৈকে সালসলনি হওঁতে মাজত বেছি সময়ো নহ’ল৷ নিজৰ ভালপোৱা জাহিৰ কৰিবলৈ এজনেও যেন পিছপৰি নৰ’ল৷ ৰোজি নামৰ সেই ব্ৰাজিলিয়ান মহিলাই ব্ৰাজিলৰ পৰা ভাৰত আহি থকাৰ সিদ্ধান্তই লৈ পেলায়৷ নিজৰ স্বামী আৰু সন্তানক তেওঁ নতুন প্ৰেমৰ কথা জনায়৷ ভাৰতলৈ আহি নিজৰ নতুন জীৱন আৰম্ভ কৰাৰ কথাও কৈছে তেওঁ৷
পৱনৰ ঘৰ দিল্লীত৷ দিল্লীৰ সেই ঘৰতেই গৈ ৰোজি উপস্থিত হৈছে৷ পৱনক তেওঁ বিয়া কৰাব বুলিও পৰিয়ালৰ লোকক জনাইছে৷ দুজনৰ এই সম্পৰ্ক পৱনৰ ঘৰৰ পৰা মানি ল’লেই দুয়োৱে বিবাহপাশত আৱদ্ধ হ’ব৷ ইতিমধ্যে এই বিয়াক লৈ সমগ্ৰ এলেকাতেই তৈয়াৰ হৈছে উন্মাদনা৷ ইতিমধ্যেই নিজৰ পূৰ্বৰ স্বামীৰ পৰা ডিভোৰ্ছো লৈছে ৰোজিয়ে৷ এইবাৰ পবনক বিয়া কৰাই স্থায়ীভাৱে ভাৰতীয় হোৱাৰ বহু আশাই বুকুত হেন্দোলনি তুলিছে ৰোজিৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ