বিয়া কৰাবলৈ গৈ অদ্ভুত কাণ্ড ঘটালে মদাপী দৰাই৷ দৰাৰ কাণ্ড দেখি হতবাক কইনাপক্ষ৷ মদৰ নিচাতেই কইনাৰ ঠাইত কইনাৰ বান্ধৱীৰ ডিঙিত বৰমালা পিন্ধালে দৰাই৷ ঘটনাৰ ভিডিঅ’ ইতিমধ্যেই ভাইৰেল হৈছে সামাজিকমাধ্যমত৷ ঘটনাটো ক’ৰ এতিয়াও স্পষ্ট হোৱা নাই৷ বহুতৰে দাবী যে এই ঘটনা বিহাৰৰ৷ আকৌ বহুতে এই ঘটনা উত্তৰপ্ৰদেশৰ বৰেলীৰ বুলিও দাবী কৰিছে৷
স্থান য’ৰেই নহওক এই ভিডিঅ’ত দেখা গৈছে যে দৰাই মদ্যপান কৰি ঠিয় হৈ থকাতো কষ্ট হৈছে৷ এগৰাকী ব্যক্তিয়ে কোনোমতে ধৰি ৰাখিছে দৰাক৷ নিচাতেই দৰাই কইনাৰ সলনি বান্ধৱীৰ ডিঙিত পিন্ধাই দিয়ে বৰমালা৷ ঘটনাক লৈ লগে লগেই কইনাপক্ষই সেই দৰাক কইনা নিদিয়াৰ সিদ্ধান্ত লয়৷
https://x.com/bstvlive/status/1893871728579031132
দৰাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে কইনাৰ পৰিয়ালে৷ জনা গৈছে যে বিয়া কৰাবলৈ অহাৰ পূৰ্বেই মদৰ নিচাত মাতাল হৈ আহিছিল দৰাৰ লগতে দৰাৰ কেইবাজনো বন্ধু৷ এই অৱস্থাত প্ৰাথমিকভাৱে বিয়াত আপত্তি জনাই কইনা পৰিয়ালে৷ যদিও বহু কাকুতি মিনতি কৰাৰ পাছত বিয়াৰ বাবে ৰাজী হয় পাত্ৰীৰ পৰিয়াল৷ আৰু তাৰপাছতেই এই বিপত্তি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ