ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেম বলিউদত অচল টকাৰ দৰেই! এপাচি শাকত এটা জালুকৰ দৰেই বলিউদত কেতিয়াবাহে বিচাৰি পোৱা যায় সচাঁ প্ৰেমৰ উদাহৰণ। বলিউদত প্ৰেমৰ সম্পৰ্ক কিমান থুনুকা তাৰ প্ৰমাণ মাজে-মধ্যে পোৱা যায় যদিও শেহতীয়াকৈ পুনৰ এবাৰ প্ৰমাণ দিলে চলমানৰ জ্যেষ্ঠ ভাতৃ তথা পৰিচালক-অভিনেতা আৰবাজ খানে।
প্ৰথমা পত্মী মলাইকা আৰোৰাৰ সৈতে দীৰ্ঘদিনীয়া বৈবাহিক সম্পৰ্কৰ বিচ্ছেদৰ পাছত এগৰাকী সুন্দৰীৰ সৈতে প্ৰেমত মচগুল হৈ পৰিছিল আৰবাজ খান। দিনে-নিশাই কেতিয়াবা হোটেল, কেতিয়াবা ৰেষ্টুৰেন্ট আৰু কেতিয়াবা পাৰ্টিত একেলগে দেখা গৈছিল দুয়োকে। কিন্তু সেই নেৰানেপেৰা প্ৰেম বেচি দিন নচলিল। থুনুকা প্ৰেমৰ যেন যৱনিকা পৰিল।
শেহতীয়াকৈ খবৰ আহিছে যে, আৰবাজ খান আৰু প্ৰেমিকা জৰ্জিয়াৰ মাজৰ সম্পৰ্ক ইতি পৰিছে। দুয়োৰে ব্ৰেকআপৰ খবৰে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে। প্ৰেমিকা জৰ্জিয়া (Georgia Andriani)ই শেহতীয়াকৈ দিয়া এক সাক্ষাতকাৰত ব্ৰেকআপৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰিছে।
জৰ্জিয়াই সাক্ষাতকাৰত কৈছে যে, মই মুকলিকৈ থাকি ভাল পাও। লগতে নিজৰ পৰিচয় নিজে গঢ়িব খোজো। মই মোৰ ইচ্ছামতে জীৱনটো জীয়াব খোজো। বেলেগৰ মতে নহয়। উল্লেখ কৰা প্ৰয়োজন যে, এই বিষয়ক লৈ এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নাই আৰবাজ খানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ