দীৰ্ঘ প্ৰতীক্ষাৰ অৱসান৷ অৱশেষত দেশলৈ উভতিল বিএছএফ জোৱান পূৰ্ণম কুমান ছাউ৷ ২২ দিনৰ মূৰত ভাৰতলৈ উভতিল পূৰ্ণম কুমাৰ ছাউ৷ আজি বুধবাৰে পাকিস্তানৰ পৰা মুক্তি লাভ কৰিছে পূৰ্ণমে৷ পুৱা ১০ বজাত আটাৰী-ৱাঘা সীমান্তৰে দেশলৈ উভতিছে বিএছ এফ জোৱানজন৷ বিগত ২৩ এপ্ৰিলৰ পৰা পাকিস্তানত আৱদ্ধ হৈ আছিল পূৰ্ণম৷
পূৰ্ণমৰ মুক্তিৰ পাছতেই তেওঁৰ পিতৃ ভোলানাথ ছাউৱে সংবাদমাধ্যমক জনাইছে যে, দেশৰক্ষাৰ কামত মোৰ সন্তান আৰু আগুৱাই যাব৷ পূৰ্ণমৰ পত্নী ৰজনীয়ে কয়, ‘বিগত কেইবাদিন ধৰি বহু শংকাৰে দিন কটাইছিলো৷ আজি স্বস্তি বোধ কৰিছো৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ফোন কৰি উচ্ছ্বাস প্ৰকাশ কৰিছে৷ সোনকালেই পূৰ্ণমক উভতাই অনা হব৷ পূৰ্ণমে ঘৰলৈ আহিলেই মুখ্যমন্ত্ৰী মমতা আমাৰ ঘৰলৈ আহিব৷’
পঞ্জাৱৰ পাঠানকোটৰ ফিৰোজপুৰত কৰ্মৰত আছিল পূৰ্ণম৷ পহেলগামৰ বৈছৰণ উপত্যকাত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ দিনা ২৩ এপ্ৰিলত ভুলবশত পাকিস্তানৰ সীমাত সোমাই পৰিছিল পূৰ্ণম৷ পাকিস্তানৰ সীমাৰ ভিৰতৰ এজোপা গছৰ তলত বিশ্ৰাম লৈ আছিল পূৰ্ণমে৷ তাতেই পাকিস্তানৰ ৰেঞ্জাৰ্ছে তেওঁক ধৰিছিল৷ তাৰপিছৰে পৰা তেওঁ পাকিস্তানত বন্দী হৈ আছিল৷ বি এছ এফৰ তৰফৰ পৰা চেষ্টা কৰা হৈছিল যদিও তেওঁক মুক্তি দিয়া নাছিল পাকিস্তানে৷ ১০ মেত ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতেই পৰিয়ালৰ আশা আছিল শীঘ্ৰেই পূৰ্ণমে মুক্তি পাব৷ যুদ্ধবিৰতিৰ চাৰিদিনৰ পাছত অৱশেষত দেশলৈ উভতিলে পূৰ্ণম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















