উপভোক্তাৰ সংখ্যা বৃদ্ধি কৰিবলৈ মুকেশ আম্বানীৰ জিঅ’ৰ পৰা ভাৰতী মিত্তলৰ এয়াৰটেলে প্ৰায় নিত্যনতুন অফাৰ আনিছে বজাৰত৷ এইবাৰ এই সকলো টেলিকম সংস্থাক আকৌ টক্কৰ দিবলৈ ভাৰত সঞ্চাৰ নিগম লিমিটেড বা বিএছএনএলে আনিছে নতুন প্ৰযুক্তি৷
BSNLৰ নতুন প্ৰযুক্তিত ছিমকাৰ্ড অবিহনে কল কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ ইয়াৰ বাবে গ্লবেল ছেটেলাইট কমিউনিকেছন ফাৰ্ম Viasat ৰ সৈতে হাত মিলাইছে বিএছএনএলে৷ Viasatৰ সহযোগীতাতেই ডাইৰেক্ট টু ডিভাইছ D2D প্ৰযুক্তি আনিবলৈ সাজু হৈছে BSNL, ইতিমধ্যেই এই নতুন প্ৰযুক্তিৰ ট্ৰায়েল সম্পন্ন হৈছে৷ ফলত খুব সোনকালেই BSNLৰ গ্ৰাহকে এই সুবিধা পাব বুলি আশা কৰা হৈছে৷
এই ডাইৰেক্ট টু ডিভাইছ সংযোগ, এণ্ড্ৰয়েড আৰু আইওএছ স্মাৰ্টফোনৰ ওপৰিও স্মাৰ্টৱাছ আৰু অন্যান্য সকলো স্মাৰ্ট ডিভাইছত ব্যৱহাৰ কৰা হব৷ এই প্ৰযুক্তিত ছেটেলাইটৰ মাধ্যমেৰে যোগাযোগ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ ইয়াত কোনো মোবাইল টাৱাৰ বা তাৰৰ সংযোগ নালাগিব৷ অৰ্থাৎ স্মাৰ্টফোন বা অন্যান্য স্মাৰ্ট ডিভাইছসমূহে কাম কৰিব ছেটেলাইট ফোনৰ দৰে৷ প্ৰান্তীয় অঞ্চলত যিসমূহ স্থানত এতিয়াও নেটৱৰ্ক দুৰ্বল বা কোনো প্ৰাকৃতিৰ দুৰ্যোগ বা অন্য কাৰণত নেটৱৰ্কৰ সমস্যাই দেখা দিয়ে এইসমূহ এলেকাত ডাইৰেক্ট টু ডিভাইছ প্ৰযুক্তিৰে নিৰবচ্ছিন্ন সংযোগৰ সুবিধা দিব৷ ইয়াৰ ফলত প্ৰত্যন্ত আৰু অনুন্নত নেটৱৰ্কৰ এলেকাসমূহৰ মোবাইল ব্যৱহাৰকাৰীৰ সকলোতকৈ বেছি উপকৃত হব বুলি ধাৰণা কৰা হৈছে৷
সম্প্ৰতি বিএছএনএল আৰু ভিছেটে এই প্ৰযুক্তিৰ ট্ৰায়েল আৰম্ভ কৰিছে৷ এক বাণিজ্যিক এণ্ড্ৰয়েড স্মাৰ্টফোন আৰু নন টেৰোষ্ট্ৰিয়েল নেটৱৰ্ক বা এনটিএন সংযোগ ব্যৱহাৰ কৰি দ্বিমুখী বাৰ্তা প্ৰেৰণ কৰা হৈছে বা গ্ৰহণ কৰা হৈছে৷ ইয়াৰোপৰি এছ অ এছ মেছেজিঙৰো আদান প্ৰদান কৰা হৈছে৷ ট্ৰায়েলত ৩৬,০০০ কিঃমিঃ দূৰৈত ৰখা এটা ছেটেলাইট ব্যৱহাৰ কৰি এটা ফোন কল কৰা হয়৷ ইতিমধ্যে এই পৰীক্ষা সফলো হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ