চাহ জনজাতিক লৈ বাজেটত আছে কেইবাটাও ডাঙৰ ঘোষণা।
অসমৰ চাহ জনজাতিৰ প্ৰতি শ্ৰদ্ধা জনাই বৰ্তমানে ৰাজ্যত থকা ৬.৮ লাখ চাহজনজাতীয় লোকৰ একাউণ্টত দিয়া হব ধন।
৬.৮ লাখ চাহ জনজাতীয় লোকৰ একাউণ্টত পোনপটিয়াকৈ সোমোৱাই দিয়া হব ৫০০০ টকা।
এই সাহাৰ্য্য এককালীন সাহাৰ্য্য।
কেজুৱেল শ্ৰমিক আৰু স্থায়ী শ্ৰমিক প্ৰত্যেকেই লাভ কৰিব এই ধন।
ইয়াৰ বাবে ৩৪২ কোটি টকা আৱণ্টন কৰা হৈছে বাজেটত।
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে বাজেটত এই ধনৰ আৱণ্টন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ