বুধৰ ৰাশি পৰিবৰ্তন ঘটিব আজি নিশাই৷ গ্ৰহৰাজ বুধৰ গোচৰ ২৭ফেব্ৰুৱাৰীৰ নিশা ১১বাজি ৪৬ মিনিটত মীন ৰাশিত অনুষ্ঠিত হ’ব৷ বুধ গ্ৰহই তাৰ নতুন ঘৰত ৭০ দিন অৱস্থান কৰিব৷ বুধে ৭ মে পুৱতি নিশা ৪.১৩মিনিটত মীন ৰাশিৰ পৰা বাহিৰলৈ ওলাই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ বুধৰ গোচৰৰ কাৰণে ৪ৰাশিৰ জাতকৰ বাবে আগন্তুক ৭০ দিন শুভ হ’ব৷
এই ৰাশিৰ জাতকৰ সোনালী সময় আৰম্ভ হ’ব আজি নিশা৷ আজি নিশাৰ পৰা কোন কোন ৰাশিৰ ভাগ্যোদয় হ’ব? জানক ভাগ্যবান ৰাশিৰ তালিকা৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাই বুধৰ গমনৰ শুভ ফল পাব৷ বুধ গ্ৰহৰ কৃপাত আপোনাৰ সম্পদ আৰু আয় বৃদ্ধি হ’ব৷ আজিৰ পৰা ৭০ দিনৰ ভিতৰত আৰ্থিক সমস্যা দূৰ হ’ব৷ টকাৰ কাৰণে ৰৈ থকা কাম সম্পন্ন হ’ব৷ আপোনাৰ আৰ্থিক দিশ শক্তিশালী হ’ব৷ ব্যৱসায়ী শ্ৰেণীৰ লোকৰ লাভ অৰ্জনৰ সুযোগ আহিব৷ বিনিয়োগতো আপোনালৈ ভাল সুযোগ আহিব, খৰধৰকৈ সিদ্ধান্ত নল’ব৷ খৰধৰকৈ সিদ্ধান্ত ল’লে আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷
মিথুন ৰাশি
বুধৰ ৰাশিচক্ৰ পৰিবৰ্তনৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাই সুসংবাদ পাব পাৰে৷ যিসকল বেকাৰ অথৱা নতুন চাকৰি বিচাৰি আছে তেঁওলোকে ৭মেৰ ভিতৰত সু সংবাদ পাব৷ আপুনি এক নতুন কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ চাকৰিয়ালৰ পদমৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধিৰ লক্ষণ আছে৷ আৰ্থিক পৰিস্থিতিৰ বাবে এই সময় উন্নত৷ আপুনি পূৰ্বতকৈ বেছি সঞ্চয় কৰাত সফল হ’ব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে বুধৰ গোচৰ শুভ হ’ব৷ হঠাৎ আৰ্থিক লাভ পাব পাৰে৷ আপুনি বহুদিন পূৰ্বে যদি কাৰোবাক ধন ধাৰে দিছিল সেই ধন আপুনি ৭০ দিনৰ ভিতৰত ঘূৰাই পাব৷ এই সময়ত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী থাকিব৷ পৈতৃক সম্পত্তি বা পিতৃৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে নতুন চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ চাকৰিয়ালে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷
কুম্ভ ৰাশি
বুধৰ শুভ প্ৰভাৱৰ কাৰণে কুম্ভ ৰাশিৰ জাতকৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বৃদ্ধি পাব পাৰে৷ এই সময়ত আপুনি ঘৰ, যানবাহন বা মাটিৰ সুখ পাব পাৰে৷ এই সময়ত আপুনি ভাগ্যৰ সহায় পাব৷ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহু কাম কৰিব যি কামে আপোনাক ইতিবাচক ফল দিব৷ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব৷ এই সময়ত আপুনি অৰ্থ বিনিয়োগ কৰিলে ভৱিষ্যতে তাৰপৰা ভাল ৰিটাৰ্ণ পাব৷ এই সময় ব্যৱসায়ীৰ বাবেও ভাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ