বৈদিক জ্যোতিষত বুধক শিক্ষা, বুদ্ধি, যোগাযোগ ক্ষমতা আৰু ব্যৱসায়ৰ বুদ্ধিৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ অন্যহাতে শনি হৈছে কৰ্মফল আৰু পৰিশ্ৰমৰ কাৰক গ্ৰহ৷ আগন্তুক ৩ ফেব্ৰুৱাৰীত বুধ আৰু শনিয়ে পৰস্পৰৰ পৰা ৩৬ ডিগ্ৰি কোণত অৱস্থান কৰি শক্তিশালী দশাংক যোগ গঠন কৰিব৷ জ্যোতিষশাস্ত্ৰত ইয়াক অত্যন্ত শুভ যোগ বুলি ধাৰণা কৰা হয়৷ জানি থওক দশাংক যোগৰ প্ৰভাৱত আগন্তুক মাহত কেৰিয়াৰত বৃহৎ উন্নতি কাৰ কাৰ?
মিথুন ৰাশি
বুধ আৰু শনিৰ যুঁটি লাভজনক হব মিথুন ৰাশিৰ জাতকৰ বাবে৷ দশাংক যোগৰ প্ৰভাৱত আগন্তুক মাহত কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ ব্যৱসায়িক সিদ্ধান্ত লাভজনক হব৷ উন্নতি কৰাৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ পৰিশ্ৰম আৰু বুদ্ধিৰ সহায়ত সাফল্য পাব৷ আৰ্থিক লাভ হব৷ পুৰণি ঋণ শোধ কৰিব পাৰিব৷
সিংহ ৰাশি
বুধ-শনিৰ দশাংক যোগ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক মাহত আপুনি নিজৰ পৰিশ্ৰমৰ মূল্য পাব৷ কৰ্মক্ষেত্ৰত ডাঙৰ কামৰ দায়িত্ব পাব পাৰে৷ অফিচত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ নতুন ব্যৱসায়িক ষ্ট্ৰেটেজিয়ে আপোনাক উল্লেখযোগ্য আৰ্থিক লাভ দিব৷ পূৰ্বে কৰা কামৰ পৰা বৃহৎ সাফল্য পাব পাৰে৷
মকৰ ৰাশি
বুধ আৰু শনি মিলি ফেব্ৰুৱাৰীত ভাগ্য খুলিব মকৰ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত সাফল্য লাভৰ যোগ আছে৷ ৰৈ থকা প্ৰকল্পৰ কাম নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ সঠিক পৰিকল্পনাৰে আগবাঢ়িলে কৰ্মক্ষেত্ৰত লাভৱান হব৷ আত্মবিশ্বাস বাঢ়িব৷ সঠিক সময়ত সঠিক সিদ্ধান্ত আপোনাৰ বাবে লাভজনক হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে শক্তিশালী দশাংক যোগে সৌভাগ্যৰ নতুন পথ খুলিব৷ বুদ্ধি খটুৱাই কাম কৰিলে আপুনি নিজৰ সকলো কাম সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ আৰ্থিকভাৱেও লাভৱান হব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন দিশা পাব৷ বুদ্ধি আৰু পৰিশ্ৰমেৰে কাম কৰিলে আপোনাৰ উদ্যোগ প্ৰশংসিত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















