১০ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ পৰ্যন্ত বুধে বৃশ্চিক ৰাশিত বিপৰীতমুখী অৱস্থান কৰিব৷ এই ২০ দিনৰ সময়কালত মানসিক পুনৰ্বিবেচনা, সিদ্ধান্ত গ্ৰহণ, যোগাযোগ আৰু কেৰিয়াৰৰ দিকনিৰ্দেশনাৰ পৰীক্ষামূলক সময় হব৷ পাঁচটা ৰাশিৰ বাবে বুধৰ বিপৰীত অগ্ৰগতি হ’ব৷ অৰ্থাৎ ই বিপৰীত গতিতো সঠিক পথ নিৰ্দেশ কৰিব৷
মিথুন ৰাশি
বুধ আপোনাৰ শাসক গ্ৰহ৷ ইয়াৰ পশ্চাদমুখী গতি আত্মদৰ্শনৰ বাবে এক সংকেত৷ কৰ্মক্ষেত্ৰত আপোনাৰ বিকাশ ঘটিব৷ পুৰণি ইমেইল, অসমাপ্ত চুক্তি, অথৱা উপেক্ষা কৰা ধাৰণাসমূহে নতুন তাৎপৰ্য গ্ৰহণ কৰিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ এই গতি পেছাদাৰ আত্মদৰ্শনৰ সময়৷ চিনিয়ৰসকলৰ সৈতে ভুল বুজাবুজিৰ সমাধান হব আৰু প্ৰকল্পৰ বিলম্বসমূহে মনোযোগ আকৰ্ষণ কৰিব৷ যিসকলে নিয়মতান্ত্ৰিকভাৱে কাম কৰে তেওঁলোকৰ বাবে এই পৰ্যায় চমৎকাৰ হব৷ বিশ্লেষণাত্মক বা প্ৰযুক্তিগত পেছাত নতুন দিকনিৰ্দেশনা পাব৷
বৃষ ৰাশি
বুধৰ বিপৰীতমুখী অৱস্থানে আপোনাৰ সপ্তম স্থানক সক্ৰিয় কৰিব৷ অংশীদাৰিত্ব, দলগত কাম আৰু যোগাযোগ সম্পৰ্কিত চেলেঞ্জসমূহত ভাৰসাম্য বিচাৰি পাব৷ যিসকলৰ সৈতে আপোনাৰ অফিচত সংঘৰ্ষ হৈছিল তেওঁলোকৰো সহায়তা পাব৷ ৰৈ থকা ব্যৱসায়িক চুক্তিসমূহ সমাধান হব আৰু পুৰণি অৰ্থ উভতাই পাব৷
বৃশ্চিক ৰাশি
বুধ গ্ৰহই এই ৰাশিত প্ৰতিগামী, অৰ্থাৎ সিদ্ধান্ত আৰু দিকনিৰ্দেশনা সম্পৰ্কে আত্ম সংলাপ আৰম্ভ কৰিব৷ কৰ্পোৰেট জগতত এয়া নীৰৱ সংশোধনৰ সময়৷ যিকোনো বিভ্ৰান্তি এইসময়ত দূৰ হব৷ কথা কোৱাৰ পূৰ্বে চিন্তা কৰক আৰু চিন্তা কৰাৰ সৈতে অনুভৱো কৰিবলৈ শিকক৷ পুৰণি নিৰাপত্তাহীনতা শেষ হৈ নতুন আত্মবিশ্বাস আহিব৷
মকৰ ৰাশি
বুধৰ এই প্ৰতিগ্ৰহণ আপোনাৰ বাবে কেৰিয়াৰৰ বাবে এক গুৰুত্বপূৰ্ণ পৰ্যায়৷ পুৰণি প্ৰকল্প বা অসমাপ্ত কামসমূহ সম্পূৰ্ণ কৰি সকলোৰে নজৰত আহিব৷ নতুন চাকৰি বা স্থানান্তৰৰ কথা ভাৱিলে এয়াই সঠিক সময়৷ এই প্ৰতিগ্ৰহণৰ সময়কালত আপোনাৰ বক্তৃতা আৰু কূটনীতি আপোনাৰ সকলোতকৈ ডাঙৰ শক্তি হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















