এইবাৰ ভাইৰেল ব্যৱসায়ী বাবা, তিনি হাজাৰ কোটিৰ ধন-সম্পত্তি এৰি গেৰুৱা বসন
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভৰ মেলা চলি আছে। ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহাকুম্ভৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰীত। ভাৰত আৰু বিদেশৰ পৰা কোটি কোটি ভক্ত আহি আছে এই মহা কুম্ভলৈ। াৰে মাজৰ বহু বাবা জনপ্ৰিয় হৈছে, বহু বাবা এতিয়াও কেমেৰাৰ পৰা আঁতৰত।
আই আই টি বাবাৰ পাছত তাৰেই মাজৰ আন এগৰাকী বাবা ভাইৰেল। মেলা শেষ হোৱাৰ সময়তহে লোকচক্ষুৰ সমুখলৈ আহিছে এই বাবা। যি ব্যৱসায়ী বাবা হিচাপে জনপ্ৰিয় হৈছে। এইবোৰ এই বাবাৰ ভাইৰেল হোৱাৰ কাৰণ হ’ল বাবাই হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি এৰি থৈ গৈছে।
এইবাৰ জনপ্ৰিয়তাৰ শাৰীত উঠিছে ‘বিজনেছমেন বাবা’। বাবাই ব্যৱসায়েৰে কষ্টোপাৰ্জিত ৩০০০ কোটি টকাৰ সম্পত্তি আৰু বিলাসী জীৱন ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰি বাবা হৈ পৰিছে। যাৰ বাবে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বিজনেছমেন বাবাৰ কাহিনী।
বাবাই কয় যে আৰাম আৰু বিলাসীতাৰে ভৰা জীৱন যাপন কৰাৰ পিছত তেওঁ উপলব্ধি কৰিছিল যে বহুত ধন-সম্পতিয়েও এজন ব্যক্তিক তৃপ্তি দিব নোৱাৰে আৰু ইয়াৰ পিছত তেওঁ গেৰুৱা বসন পিন্ধি সন্ন্যাস লোৱাৰ সিদ্ধান্ত লয়। ব্যৱসায়ী বাবাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ