মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন, কিমান দিনলৈ থাকিব এই শাসন ব্যৱস্থা
এন বীৰেণ সিঙে দেওবাৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে বৃহস্পতিবাৰে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছত বিশ্বাস কৰা হৈছিল যে দলটোৱে সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী প্ৰাৰ্থী এগৰাকী নিৰ্বাচিত কৰিব কিন্তু তেনে নোহোৱাত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়।
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এক উচ্চ পদস্থ সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে মণিপুৰত বিজেপিয়ে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পৰা বিৰত আছে কাৰণ দলটো মতাদৰ্শগতভাৱে ইয়াৰ বিৰোধী। ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পিছত বীৰেণ সিঙৰ প্ৰতি সমৰ্থন কমি আহিছিল। কেৱল এয়াই নহয় দলৰ ভিতৰৰ বহু নেতাই তেওঁক সমালোচনা কৰিছিল।
কিন্তু সকলো সমাপন কৰি মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ পদত্যাগ আৰু ৰাষ্ট্ৰপতিৰ শাসন অনা হয়। সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ অধীনত এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ ফলত ৰাজ্য চৰকাৰৰ সকলো কাম কেন্দ্ৰলৈ আৰু ৰাজ্যৰ বিধায়িনী দলৰ কাম সংসদলৈ কাৰ্যকৰীভাৱে হস্তান্তৰ কৰা হয়। অৱশ্যে আদালতৰ কাম-কাজ অপৰিৱৰ্তিত হৈ থাকে।
ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰক্ৰিয়া আৰম্ভ হয় যেতিয়া ৰাজ্যপালৰ দ্বাৰা প্ৰেৰণ কৰা প্ৰতিবেদনৰ পৰা ৰাষ্ট্ৰপতি সন্তুষ্ট হয় যে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত সংবিধানৰ বিধান অনুসৰি ৰাজ্যখনৰ চৰকাৰে কাম কৰিব নোৱাৰে। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে ইয়াৰ ঘোষণা জাৰি কৰে।
ৰাষ্ট্ৰপতিৰ শাসন দুমাহলৈকে বলবৎ থাকিব পাৰে। কাৰ্যকাল বৃদ্ধি কৰিবলৈ লোকসভা আৰু ৰাজ্যসভাই ইয়াৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে এটা প্ৰস্তাৱৰ জৰিয়তে অনুমোদন দিব লাগিব। যদি দুয়োটা সদনৰ পৰা অনুমোদন পোৱা যায়, তেন্তে ৰাষ্ট্ৰপতিৰ শাসনৰ ঘোষণা আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰিব পৰা যাব। সংসদে ছমাহৰ পৰা তিনিবছৰলৈ বৃদ্ধিৰ অনুমোদন দিব পাৰে।
উল্লেখ্য য়ে, মণিপুৰৰ পূৰ্বে পুডুচেৰীত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল । ২০২১ চনত পুডুচেৰীত কংগ্ৰেছ চৰকাৰক ট্ৰাষ্ট ভোটত ব্যৰ্থ হৈ ক্ষমতাৰ পৰা উৎখাত কৰা হৈছিল। পুডুচেৰীয়ে ইতিহাসত ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত ৭ বছৰতকৈ অধিক সময় (২,৭৩৯ দিন) কটায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ