ট্ৰাম্প-মোডীৰ বিশেষ বৈঠত, বৈঠকত অন্তত ভাৰতলৈ আহিল কেইবাটাও ভাল খবৰ
প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়, য’ত দুয়োখন দেশে ১০ বছৰৰ কাঠামো গঢ়ি তোলাত সন্মতি প্ৰকাশ কৰে, যাৰ ফলত দুয়োখন দেশৰ প্ৰতিৰক্ষা অংশীদাৰিত্ব বৃদ্ধি পাব। ভাৰত বিশেষভাৱে উপকৃত হয় এই বৈঠকৰ অন্তত।
ইয়াৰ অধীনত ভাৰতে আমেৰিকাৰ পৰা জেভেলিন এণ্টি টেংক মিছাইল, ষ্ট্ৰাইকাৰ সশস্ত্ৰ যুদ্ধ বাহন আৰু পি ৮১ নৌ চোৱাচিতা বিমান ক্ৰয় কৰিব। ইয়াৰ উপৰিও দুয়োখন দেশৰ মাজত প্ৰযুক্তি হস্তান্তৰ আৰু প্ৰতিৰক্ষা সঁজুলি যোগানৰ সুবিধাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ সৰবৰাহৰ নিয়মাৱলী পুনৰীক্ষণ কৰা হ’ব।
সকলো ঠিকে থাকিলে দুয়োখন দেশে ইজনে সিজনৰ পৰা গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সঁজুলি ক্ৰয় কৰিবলৈ সক্ষম হ’ব। মহাকাশ, বায়ু প্ৰতিৰক্ষা, ক্ষেপণাস্ত্ৰ, সামুদ্ৰিক আৰু সাগৰীয় যুদ্ধ আদি ক্ষেত্ৰত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত আলোচনা হয়।
ভাৰতক পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান বিক্ৰীৰ নীতিৰ পুনৰীক্ষণৰ কথাও আমেৰিকাই ঘোষণা কৰিছে। এফ-৩৫ যুঁজাৰু বিমান নিৰ্মাণ কৰা কোম্পানী লকহিড মাৰ্টিনেও এক বিবৃতি প্ৰকাশ কৰি কয় যে, ‘ভাৰতত এফ-৩৫ যুদ্ধ বিমান যোগান ধৰাৰ ঘোষণাত আমি উৎফুল্লিত হৈছো। আমি দুয়োখন চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আৰু যুদ্ধ বিমান, জেভেলিন আৰু হেলিকপ্টাৰৰ দৰে কৌশলগত অধিগ্ৰহণৰ কাম কৰিবলৈ আগ্ৰহী, যিয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক আৰু অধিক শক্তিশালী কৰিব।’
ভাৰত আৰু আমেৰিকাই স্বায়ত্তশাসিত ব্যৱস্থা উদ্যোগ মিত্ৰজোঁট (ASIA) চুক্তি আৰম্ভ কৰিছে। ইয়াৰ অধীনত দুয়োখন দেশে সাগৰৰ তলত সহযোগিতা উন্নত কৰিব আৰু পানীৰ তলৰ ডমেইন সজাগতাৰ অধীনত যৌথভাৱে স্পৰ্শকাতৰ প্ৰযুক্তি বিকশিত কৰিব।
উল্লেখ্য যে, ভাৰত হৈছে প্ৰথমখন দেশ যাৰ সৈতে আমেৰিকাই স্পৰ্শকাতৰ সামুদ্ৰিক প্ৰযুক্তি বিকশিত কৰিব। ইয়াৰ উপৰিও দুয়োখন দেশে যৌথভাৱে বিভিন্ন প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ বিষয়েও আলোচনা কৰে, য’ত আছে ছি পিকেট চাৰ্ভিলেন্স চিষ্টেম, ৱেব গ্লাইডাৰ আনমেনড ভেহিকেল, লো ফ্ৰিকুৱেন্সি এক্টিভ ছ’নাৰ অন্তৰ্ভুক্ত।
ইণ্ডিয়া আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি এই বছৰতে সহমতত উপনীত হ’ব পাৰে।
এই সকলোবোৰৰ উপৰিও ভাৰতৰ বাবে আন এক ভাল খবৰ হৈছে, মুম্বাই আক্ৰমণৰ দোষী তহব্বুৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাবৰ্তনত মঞ্জুৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ