• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

3 weeks ago
১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

7 hours ago
এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

7 hours ago
‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

8 hours ago
বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

8 hours ago
পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

9 hours ago
খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

9 hours ago
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

10 hours ago
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

11 hours ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

12 hours ago
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

12 hours ago
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

12 hours ago
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

মুকলি আকাশৰ তললৈ আহিও শান্তি পোৱা নাই অমৃতপ্ৰভা মহন্তই!

editor by editor
October 13, 2026
in অসম, বিবিধ, লেখা
0
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
0
SHARES
514
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পাছত এতিয়া চৰ্চালৈ আহিছে আদালতৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত। জামিন লাভ কৰিলেও অমৃতপ্ৰভাই মানি চলিব লাগিব একাধিক নিৰ্দেশনা। এই চৰ্তসমূহ উলংঘা কৰিলে তেওঁৰ জামিন বাতিল হ’ব পাৰে।

উল্লেখ্য যে, ৯ অক্টোবৰ তাৰিখে ফাষ্টট্ৰেক আদালতৰ ন্যায়াধীশ প্ৰাঞ্জল দাসে অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল বুলি প্ৰদান কৰা তথ্যত উল্লেখ কৰা হৈছে। আদালতে গোচৰটোৰ তদন্তৰ তথ্য-প্ৰমাণ, সাক্ষ্যৰ অৱস্থা আৰু অমৃতপ্ৰভাই ইতিমধ্যে কাৰাগাৰত কটোৱা সময়কে ধৰি বিভিন্ন দিশ বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

তথ্য অনুসৰি, অমৃতপ্ৰভাৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণ আদালতে লাভ কৰা নাছিল। জুবিন গাৰ্গক সুৰাপান কৰোৱাৰ অভিযোগৰ সমৰ্থনতো পৰ্যাপ্ত সাক্ষ্য বা নথি-পত্ৰ নথকাৰ কথা আদালতৰ বিবেচনাত আহে।

চাৰ্জশ্বীটত উল্লেখ কৰা অভিযোগসমূহৰ সমৰ্থনত তদন্তৰ পৰা পোৱা তথ্য-প্ৰমাণৰ অভাৱৰ বিষয়টোও গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। অৱশ্যে জামিন মঞ্জুৰ কৰাৰ অৰ্থ এইটো নহয় যে গোচৰটোৰ চূড়ান্ত বিচাৰত অভিযুক্তগৰাকী নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে। গোচৰৰ চূড়ান্ত সিদ্ধান্ত বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে নিৰ্ধাৰিত হ’ব।

আনহাতে, বিচাৰ প্ৰক্ৰিয়াত ইতিমধ্যে ১২৪গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণ সম্পন্ন হোৱা বুলি উল্লেখ কৰা হৈছে। ২০২৫ চনৰ ৩ অক্টোবৰৰ পৰা প্ৰায় এবছৰ কাৰাবন্দী হৈ থকা বিষয়টোও আদালতে বিবেচনা কৰিছিল বুলি প্ৰদান কৰা তথ্যত কোৱা হৈছে।

জামিন লাভ কৰিলেও মানিব লাগিব কঠোৰ চৰ্ত

অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পাছত মুক্ত জীৱন যাপন কৰিব পাৰিলেও আদালতে বান্ধি দিয়া চৰ্তসমূহ মানি চলিব লাগিব। চৰ্ত উলংঘা কৰিলে জামিন বাতিল হোৱাৰ সম্ভাৱনা থাকিব।

আদালতৰ নিৰ্দেশনা অনুসৰি—

  • প্ৰমাণ নষ্ট কৰিব নোৱাৰিব: মুকলি হৈ থকাৰ সময়ত গোচৰৰ সৈতে জড়িত কোনো প্ৰমাণ নষ্ট, বিকৃত বা হেৰফেৰ কৰিব নোৱাৰিব।
  • সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব: গোচৰৰ কোনো সাক্ষীক প্ৰভাৱিত কৰা, ভাবুকি দিয়া বা সাক্ষ্যদানত বাধা দিয়াৰ চেষ্টা কৰিব নোৱাৰিব।
  • বিচাৰ প্ৰক্ৰিয়াত সহযোগিতা: গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব।
  • আদালতৰ অনুমতি অবিহনে বিদেশ যাত্ৰা নিষিদ্ধ: আদালতৰ অনুমতি নোলোৱাকৈ বিদেশলৈ যাব নোৱাৰিব।
  • নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল’ব লাগিব: নিজৰ সুৰক্ষাৰ বাবে নিজেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আদালতে উল্লেখ কৰিছে।
  • নিজৰ ক্ষতি কৰিব নোৱাৰিব: নিজৰ জীৱন বা শৰীৰৰ ক্ষতি কৰিব পৰা কোনো কাম কৰিব নোৱাৰিব।
  • শুনানিত হাজিৰা: দৈনিক শুনানিৰ সময়ত আদালতত সশৰীৰে হাজিৰ হ’ব লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে।
  • জামিনৰ ধন: ৫০ হাজাৰ টকাৰ বেইল বণ্ডৰ সৈতে একে পৰিমাণৰ দুজন জামিনদাৰ দিব লাগিব। এই চৰ্তসমূহৰ মূল উদ্দেশ্য হৈছে বিচাৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় আৰু গোচৰৰ সৈতে জড়িত সাক্ষ্য-প্ৰমাণ সুৰক্ষিত থাকে, সেয়া নিশ্চিত কৰা।

জামিন লাভৰ পাছত অমৃতপ্ৰভা মহন্তৰ সুৰক্ষাক লৈও বিষয়টো আদালতৰ মজিয়ালৈ আহিছিল। তেওঁৰ অধিবক্তাই ব্যক্তিগত সুৰক্ষা বিষয়া (PSO) বিচাৰি আবেদন জনাইছিল। কিন্তু ফাষ্টট্ৰেক আদালতে সেই আবেদন খাৰিজ কৰে। প্ৰদান কৰা তথ্য অনুসৰি, আদালতে অমৃতপ্ৰভাই নিজৰ সুৰক্ষাৰ দায়িত্ব নিজেই ল’ব লাগিব বুলি উল্লেখ কৰে। অৰ্থাৎ, PSO প্ৰদানৰ বাবে কৰা আবেদন গ্ৰহণ কৰা নহ’ল।

হাফলং উপ কাৰাগাৰৰ পৰা ৰাওনা অমৃতপ্ৰভা

জামিন লাভৰ পাছত অমৃতপ্ৰভা মহন্ত হাফলং উপ কাৰাগাৰৰ পৰা ওলাই আহে। পুৱা প্ৰায় ৬.৩০ বজাত পৰিয়ালৰ লোকে তেওঁক চমজি লয়। তাৰ পাছত ক’লা ৰঙৰ থাৰত উঠি পৰিয়ালৰ সৈতে নগাঁও অভিমুখে যাত্ৰা কৰে অমৃতপ্ৰভাই।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত থকা চৰ্চাৰ মাজতে তেওঁৰ জামিন আৰু আদালতে বান্ধি দিয়া চৰ্তসমূহে বিশেষ গুৰুত্ব লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ
অসম

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

November 3, 2026
এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!
জীৱনশৈলী

এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

November 3, 2026
‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে
অসম

‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

November 3, 2026
বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?
জীৱনশৈলী

বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

November 3, 2026
Next Post
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.