অসম লাইভ ২৪ঃ মৰিয়নি বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই ৰাজনৈতিক বতাহ তীব্ৰতৰ হৈ উঠিছে । ইতিমধ্যে নিৰ্বাচন আয়োগে ৩০ অক্টোবৰ উপ-নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পিছত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা অধিক বৃদ্ধি পাইছে । ৰাজ্যৰ আন সমষ্টিৰ উপ নিৰ্বাচনতকৈ মৰিয়নিৰ উপ নিৰ্বাচন যে সুকীয়া হ’ব সেই কথা ইতিমধ্যেই ৰাজনৈতিক মহলত চৰ্চিত হৈছে । সুদীৰ্ঘদিন কংগ্ৰেছৰ হাতত থকা মৰিয়নিৰ আসনখন এইবাৰ কংগ্ৰেছে নিজৰ হাতত ৰাখিব পাৰিবনে ? নে বিজেপিলৈ যোৱাৰ পিছত পৰিয়াল কেন্দ্ৰিক ৰাজনীতি সমষ্টিটোত সমাপ্ত হ’ব ! এতিয়া সকলোৰে মুখে মুখে সেই কথাই বাগৰিব লাগিছে । স্বাধীনতাৰ পিছৰে পৰা মৰিয়নি বিধান সভা সমষ্টি কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিগণিত হৈ আহিছে I এইবাৰ পটভূমি কিছু সুকীয়া । প্ৰাৰ্থী একেজন হ’লেও এইবাৰ দল বেলেগ । বিজেপিক সমালোচনা কৰি অহা কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ বিজেপিৰ প্ৰাৰ্থী হোৱা সম্ভাৱনা প্ৰায় নিশ্চিত । চাৰিবাৰৰ বিধায়ক হোৱা বাবেই সমষ্টিটোত ৰূপজ্যোতিৰ সমৰ্থকৰ সংখ্যাও নিঃসন্দেহে সৰ্বাধিক ।
যদি সেইয়াই হয় তেনেস্থলত বিজেপিৰ বিৰোধীৰ বাবে ৰূপজ্যোতিক ৰোধা সম্ভৱ হ’বনে ? এতিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ওপৰতো বহু পৰিমাণে নিৰ্ভৰ কৰিছে বিজেপিৰ জয় পৰাজয় । মৰিয়নি সমষ্টিত বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী দলসমূহ একগোট হ’বই লাগিব । অন্যথা মৰিয়নিত বিজেপিক ৱাক অভাৰ দিয়াৰ দৰে হ’ব । বিশেষকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাৰ অতিকৈ প্ৰয়োজন আছে । কংগ্ৰেছৰ দূৰ্গস্বৰূপ মৰিয়নি সমষ্টিত শেহতীয়াকৈ ৰাইজৰ দলেও সাংগাঠানিক কুচকাৱাজ অধিক গতিশীল কৰি তুলিছে । তৎস্বত্বেও সমষ্টিটোত বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তি অৰ্জন বৰ্তমানলৈকে গোটাব পৰা নাই । একেদৰে ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত স্বাভাবিকতে সমষ্টিটোত ক্ষতিৰ সন্মুখীন হৈছিল কংগ্ৰেছ । দলটো সম্পূৰ্ণৰূপে শক্তিশালী হ’বলৈ হয়তু আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব । ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছ দলে সমষ্টিটোত নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে । শেহতীয়াকৈ অসম জাতীয় পৰিষদেও সমষ্টিটোত নিজৰ অভিযান আৰম্ভ কৰিছে যদিও নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা তেনেই ক্ষীণ । অজাপই বিশেষকৈ বিজেপি বিৰোধী শক্তিক সমৰ্থন কৰাৰ সম্ভাৱনাই অধিক । কিন্তু তাৰ মাজতে দলটোৱে সমষ্টিটোত নিজৰ স্থিতি মজবুত কৰিব বিচাৰিছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে একাধিক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ মাজত সোমোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অনুৰূপ ধৰণে কংগ্ৰেছ দলেও বিভিন্ন সভা সমিতিৰ যোগেদি ৰাইজৰ কাষ চাপিছে । বিজেপিৰ হৈ ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ অভিযান চলাই আছে । কিন্তু সবাতোকৈ চৰ্চিত প্ৰসংগটো হৈছে বিজেপিৰ বিৰুদ্ধে যুঁজ কোনে দিব ? কংগ্ৰেছ, ৰাইজৰ দল, অজাপ নে সেয়া উমৈহতীয়া প্ৰাৰ্থী হ’ব ? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই মৰিয়নিত কোৱা মতে- ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে মন মিলিছে । কিন্তু শেহতীয়াকৈ অখিল গগৈৰ প্ৰতি যেন বিতুষ্ট হৈ পৰিছে ভূপেন বৰা । ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ ‘মিত্ৰতা’ ক্ৰমশঃ নোহোৱাৰ দিশে গতি কৰিছে । যাৰ বাবে নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথা চৰ্চালৈ আহিছে । তাৰ বিপৰীতে শেহতীয়াকৈ মৰিয়নিলৈ অহা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক উপ-নিৰ্বাচন সুকীয়া সুকীয়াকৈ খেলাৰ পোষকতা কৰিছে । ২০২৪ চনৰ লোকসভা আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনহে একেলগে খেলাৰ ওপৰত ভূপেন বৰাই গুৰুত্ব দিয়া বুলিও অখিল গগৈয়ে উল্লেখ কৰিছিল । অৱশ্যে ৰাইজৰ দলৰ সভাপতিজনে মৰিয়নি সমষ্টিত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী দিয়া বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰেই সেই সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি উল্লেখ কৰিছিল । তাৰ লগতে কংগ্ৰেছ আৰু ৰাইজৰ দলে উমৈহতীয়া প্ৰাৰ্থী দিয়া প্ৰসংগটো এতিয়াও শেষ হৈ যোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যদিও কংগ্ৰেছ মহলে সেয়া ইতিমধ্যেই প্ৰায় নস্যাৎ কৰিছে । ইফালে, কংগ্ৰেছ দলৰ পৰা কেইবাজনেও প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ।জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বাঘচোং ব্লক কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হেমকান্ত বুঢ়াগোঁহাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এসময়ৰ বিশেষ কৰ্তব্যৰত বিষয়া পুতুল বুঢ়াগোঁহাই, যুৱ ব্যৱসায়ী – কংগ্ৰেছ কৰ্মী লুহিত কোঁৱৰ ( অভিজিত ), অধিবক্তা মামনী ৰাজকুমাৰী, কৃষ্ণা গগৈ, ৰাজলক্ষ্মী কোঁৱৰ, সুৰেন তাঁতী, অনন্তজ্যোতি ভট্টাচাৰ্য, ৰাতুল কুৰ্মী আৰু বাবুল বাৰথাই ইতিমধ্যে কংগ্ৰেছ নেতৃত্বৰ ওচৰত প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে । ইয়াৰ বিপৰীতে ৰাইজৰ দলৰো একাধিক ব্যক্তিৰ নাম ওলাইছে যদিও শেহতীয়াকৈ যুৱ সমাজকৰ্মী সঞ্জীৱ গগৈৰ নাম অধিক চৰ্চালৈ আহিছে । এই সন্দৰ্ভত সচেতন ৰাইজৰ মতে, মৰিয়নিত বিজেপি বৰ্তমান শক্তিশালী অৱস্থাত আছে । সেই বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে বিজেপি বিৰোধী শক্তি একগোট হ’ব লাগিব । যি দলৰেই প্ৰাৰ্থী নহওঁক তেওঁক উমৈহতীয়াভাৱে সকলো দলেই নিস্বাৰ্থ সমৰ্থন জনালেহে বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা থাকিব । অন্যথা সকলো ফুটুকাৰ ফেন হোৱাৰ সম্ভাৱনা অধিক ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ