• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ

উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ

5 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

7 minutes ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

32 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

1 hour ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

3 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

3 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

4 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

5 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

5 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

7 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

8 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ

editor by editor
October 1, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
উপ-নিৰ্বাচন, গোসাঁইগাঁও সমষ্টিৰ ৰেহৰূপ
0
SHARES
79
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  ৰাজ্যৰ আন চাৰি সমষ্টিৰ লগতে গোসাঁইগাঁও বিধান সভা সমষ্টিতো হ’ব উপ নিৰ্বাচন। একেবাৰে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বি পি এফ দলৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী দেৱে বিধায়ক হিচাপে নিৰ্বাচিত পোৱাৰ পাছত কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ফলত বিধায়ক পদটো খালি হৈ পৰে। ২৮ ছেপ্তেম্বৰ তাৰিখে নিৰ্বাচন আয়োগে ঘোষণা কৰে নিৰ্বাচনী অধিসূচনা। সেই হিচাপে অহা ৩০ অক্টোবৰ তাৰিখে ৰাজ্যৰ পাঁচ বিধান সভা নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হব। ইয়াক লৈ বিভিন্ন দল, ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰাৰ্থীয়ে ভিৰ কৰিছে নিজ নিজ দলৰ মজিয়া।

বিটিচিত স্বায়ত্বশাসিত পৰিষদৰ শাসকীয় দল ইউ পি পি এলত প্ৰাৰ্থীত্বৰ দৌৰত আছে গোসাঁইগাঁও জিলা ইউপিপিএলৰ সভাপতি জিৰণ বসুমতাৰী। তেওঁ বিগত বিটিচি স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যকালত জমদুৱাৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ পাৰিষদ আছিল। কিন্তু যোৱা পৰিষদীয় নিৰ্বাচনত ইউপিপিএল দল শাসনত আহিল যদিও তেওঁ উত্তীৰ্ণ হবলৈ সক্ষম নহ’ল। ফলত জিৰণ বসুমতাৰী উক্ত উপ নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি সৰ্বত্ৰে প্ৰচাৰিত। আনহাতে ইউপিপিএল দলৰ আন এক অন্যতম দাবীদাৰ ইউপিপিএল দলৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ নাৰ্জাৰী। তেওঁ বিগত বিধান সভা নিৰ্বাচনত প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ হাতত ১০,৩৪৩ ভোটৰ ব্যৱধানত পৰাজিত হয়।

ৰাজ্যৰ লগতে বিটিচিতো ইউপিপিএল-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ যদিও এতিয়ালৈ সম্পূৰ্ণৰূপে স্পস্থ হোৱা নাই যে এই মিত্ৰজোঁটে অকলশৰীয়াকৈ অৱতীৰ্ণ হব নে মিত্ৰতাৰে! তথাপিও বিজেপিৰ প্ৰাৰ্থীত্বৰ দৌৰত আছে কেইবাজনো নেতা। সমাজ কৰ্মী তথা একনিষ্ঠ বিজেপি নেতা জেঠমল মালো, বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী উইলিয়াম নাৰ্জাৰী, শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিশেষ সমাজ সেৱক সজল কুমাৰ সিংহ, কোকৰাঝাৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক দেৱৰাজ পাল, জিলা কাৰ্যনিৰ্বাহক তথা আদিবাসী সমাজৰ বৰ্ষীয়ান নেতা শ্যাম সুন্দৰ মাৰাণ্ডি আদি অন্যতম।কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই জানিব দিয়া মতে, গণ সুৰক্ষা পাৰ্টীয়ে যৌথভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰে। যদি যৌথভাৱে নিৰ্বাচন সম্ভৱ নহয়, তেনেহলে গণ সুৰক্ষা পাৰ্টীয়ে গোসাঁইগাঁও আৰু তামুলপুৰত প্ৰাৰ্থীত্ব আগবঢ়োৱা নিশ্চিত যদিও এতিয়ালৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

কংগ্ৰেছ দলেও সমষ্টিটো নিজৰ অধীনত নিবলৈ আপ্রাণ চেষ্টা কৰা পৰিলক্ষিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই ক্ষেত্ৰত অধিক তৎপৰ হোৱা সামাজিক মাধ্যম যোগে দৃষ্টিগোচৰ হৈছে। কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ দৌৰত আছে কোকৰাঝাৰ জিলা মহিলা কংগ্ৰেছৰ সভাপতি হেলেন মুৰ্মু, বি টি চি কংগ্ৰেছ সমন্বয়ক সমিতিৰ সদস্য তথা ধৰ্মগুৰু জুৱেল টুডু, মেংগত টুডু, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা গুমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ মমিনুৰ ইছলাম অন্যতম। যদি কংগ্ৰেছৰ ৰণ কৌশল সঠিকভাৱে অৱলম্বন কৰা হয়, তেনেহলে হেলেন মুৰ্মু নতুবা জুৱেল টুডুৰ বিজয়ৰ সম্ভাৱনা নথকা নহয়!

কিন্তু পোন্ধৰ বছৰকাল বি টি চি শাসন কৰা দল বিপিএফৰ এতিয়ালৈকে কেৱল এজন প্ৰাৰ্থীৰ নাম চৰ্চাত আছে। গোসাঁইগাঁও পৌৰ সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী।ইফালে ইউ ডি এফৰ গোসাঁইগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰৰ নাম একমাত্ৰ প্ৰাৰ্থী হিচাপে শুনা গৈছে যদিও দলৰ শীৰ্ষ নেতৃত্বক মেনেজ কৰি বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিংহ নাৰ্জাৰী ইউ ডি এফ দলৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।আনফালে বিগত কিছুদিনৰ পৰা অসমত খোপনি পুতিবলৈ চেষ্টা কৰা তৃণমূল কংগ্ৰেছৰ তালিকাত আছে প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰী, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক বিপ্লৱ চক্ৰৱৰ্তী আৰু ৰনেন্দ্ৰ কোঁচৰ নাম উচ্চাৰণ হৈছে।কিন্তু প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ উত্তৰসূৰী কোন হ’ব, সেইয়া ডাঙৰ প্ৰশ্ন!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24by-election assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
কোভিডৰ নতুন SOP ঘোষণা, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ

কোভিডৰ নতুন SOP ঘোষণা, নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ

২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ

২ টকাতেই সৰ্থেবাৰীত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ প্ৰশিক্ষণ তেজসৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.