অসম লাইভ ২৪ঃ কোভিডৰ নতুন SOP ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ৷ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব নতুন SOP৷ সংক্ৰমণৰ হাৰ কম হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন সিদ্বান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজিৰেপৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ৷ নিশা ৯ বজালৈকে খুলিব পাৰিব ব্যৱসায়ীক প্ৰতিস্থানসমূহ। সভা-সমিতিত দুই পালি ভেকচিন লোৱা ব্যক্তি উপস্থিত থাকিব পাৰিব। ২০০ গৰাকী উপস্থিত থাকিব পাৰিব ৰাজহুৱা সভা সমিতিত৷ চিনেমা হলসমূহ মুকলি কৰা হৈছে। ৫০ % দৰ্শকৰ উপস্থিতিৰে চলাব খুলিব পাৰিব চিনেমা হল আৰু দৰ্শকে দুয়োপালি ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক৷ ৰাজ্যৰ সকলো শিক্ষানুস্থান ১৯ তাৰিখৰ পৰা খোলা হব আৰু সপ্তাহটোত এটা শ্ৰেণীয়ে ৩ দিন ক্লাচ কৰিব পাৰিব৷ স্থায়ী থিয়েটাৰ হল সমূহো চিনেমা হলৰ দৰেই চালিত হব । ভেকচিন নোলোৱা হিতাধিকাৰীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ’ব৷ উল্লেখ্য, গান্ধী জয়ন্তী উপলক্ষ্যে কাইলৈ মেগা ভ্কচিন কেম্পৰ আয়োজন কৰিছে স্বাস্থ্য বিভাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ