অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’ক লৈ এইবাৰ তেজপুৰত সৃষ্টি হ’ল তীব্ৰ বিতৰ্ক। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেজপুৰত আয়োজন কৰা হৈছিল এক বিশেষ সংগীতানুষ্ঠান। অনুষ্ঠানটোত বিভিন্ন শিল্পীয়ে সংগীত পৰিৱেশন কৰাৰ মাজতে এজন যুৱকৰ ‘মায়াবিনী’ গানটো পৰিৱেশনক কেন্দ্ৰ কৰি সৃষ্টি হয় অথন্তৰ। জুবিন গাৰ্গৰ জনপ্ৰিয় গীত ‘মায়াবিনী’ বিকৃত ৰূপত পৰিৱেশন কৰাৰ পিছতে উত্তপ্ত হৈ পৰে অনুষ্ঠানস্থলী।
জানিব পৰা মতে, সমৰ বৰা নামৰ এজন যুৱকে অনুষ্ঠানৰ মঞ্চত জুবিন গাৰ্গৰ অতি জনপ্ৰিয় গীত ‘মায়াবিনী’ পৰিৱেশন কৰিবলৈ লয়। কিন্তু যুৱকজনে গীতটো পৰিৱেশন কৰা ধৰণক লৈ অসন্তুষ্ট হৈ পৰে তাত উপস্থিত থকা দৰ্শকসকল। অভিযোগ অনুসৰি, গীতটোৰ মূল সুৰ আৰু পৰিৱেশনশৈলীৰ সৈতে সামঞ্জস্য নথকাকৈ বিকৃত ৰূপত গীতটো পৰিৱেশন কৰাত ক্ষুব্ধ হৈ পৰে ৰাইজ।
পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত আয়োজকসকলেও বিষয়টোত হস্তক্ষেপ কৰে। অৱশেষত আয়োজক আৰু উপস্থিত ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ সমৰ বৰাক মঞ্চৰ পৰা নমাই দিয়া হয়। ঘটনাটোক কেন্দ্ৰ কৰি অনুষ্ঠানস্থলীত কিছু সময়ৰ বাবে সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ।
ইফালে, ঘটনাক লৈ ক্ষুব্ধ হৈ পৰা একাংশ লোকে যুৱকজনক ভৱিষ্যতে জুবিন গাৰ্গৰ গীতৰ সৈতে এনে ধৰণৰ পৰীক্ষা-নিৰীক্ষা বা বিকৃত পৰিৱেশন নকৰিবলৈ সকীয়াই দিয়ে। তেওঁলোকৰ মতে, জুবিন গাৰ্গৰ গীত কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, বৰং অসমৰ ৰাইজৰ আৱেগ, ভালপোৱা আৰু আত্মপৰিচয়ৰ সৈতে গভীৰভাৱে জড়িত।
উল্লেখ্য যে, জুবিন গাৰ্গৰ কণ্ঠত প্ৰাণ পাই উঠা ‘মায়াবিনী’ অসমীয়া সংগীত জগতৰ অন্যতম জনপ্ৰিয় আৰু আৱেগিক গীত। প্ৰজন্মৰ পিছত প্ৰজন্মৰ শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান দখল কৰি আহিছে এই গীতটোৱে। সেয়েহে গীতটোৰ পৰিৱেশনক লৈ সৃষ্টি হোৱা এই ঘটনাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। জুবিন গাৰ্গৰ গীতৰ মৰ্যাদা ৰক্ষা কৰাক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে তেজপুৰৰ এই ঘটনাৰ পিছত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















