দুলীয়াজানত সংঘটিত চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে তীব্ৰ উত্তেজনা। তিনিজনকৈ লোকৰ প্ৰাণ লোৱাৰ অভিযোগত অভিযুক্ত ৰাজু দাসৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় ৰাইজ। ইয়াৰ মাজতে অভিযুক্ত ৰাজু দাসৰ পৰিয়ালৰ সৈতে সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ অঞ্চলবাসীয়ে ৰাজু দাসৰ পিতৃ-মাতৃ আৰু দুই ভগ্নীক ভাড়াঘৰৰ পৰা উলিয়াই পঠিওৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজু দাসৰ বিৰুদ্ধে তিনিজনকৈ লোকক হ*ত্যাৰ অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই অভিযুক্তৰ পৰিয়ালটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে একাংশ গাঁওবাসীয়ে। ৰাজু দাসৰ পৰিয়ালটোক কোনো কাৰণতে দুলীয়াজানত থাকিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিয়ে উত্তেজিত ৰাইজে।
কেৱল সিমানেই নহয়, ৰাজু দাসৰ পিতৃ-মাতৃ আৰু দুই ভগ্নীক তেওঁলোকে বাস কৰি থকা ভাড়াঘৰটো খালী কৰিবলৈ বাধ্য কৰায় একাংশ লোকে। পৰিয়ালটোৰ সা-সামগ্ৰী ঘৰৰ পৰা বাহিৰলৈ দলিয়াই দিয়াৰো অভিযোগ উঠিছে। এনে পৰিস্থিতিৰ মাজতে নিজৰ সা-সামগ্ৰী লৈ ঘৰ এৰিবলৈ বাধ্য হয় ৰাজু দাসৰ আত্মীয়সকল।
ইফালে, ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। ক্ষুব্ধ ৰাইজে ৰাজু দাসৰ পিতৃ-মাতৃক ৰাজপথলৈ উলিয়াই আনি কাণত ধৰাই আঁঠু কঢ়াই ৰখাৰ অভিযোগ উত্থাপন হৈছে। ৰাজহুৱাভাৱে এনেদৰে অপদস্থ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযুক্তৰ পৰিয়ালটোক দুলীয়াজানত কোনো কাৰণতে আশ্ৰয় দিয়া নহ’ব বুলি একাংশ উত্তেজিত লোকে সকীয়াই দিয়ে।
আনহাতে, তিনিজনকৈ লোকৰ প্ৰাণ লোৱাৰ অভিযোগত অভিযুক্ত ৰাজু দাস আৰু অমৃত দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন হৈছে। দুয়োজন অভিযুক্তক এনকাউণ্টাৰ কৰাৰ দাবীত সৰৱ হৈ পৰিছে ক্ষুব্ধ একাংশ লোক। হত্যাকাণ্ডৰ ঘটনাই ইতিমধ্যে অঞ্চলটোত সৃষ্টি কৰা উত্তেজনাৰ মাজতে অভিযুক্তৰ পৰিয়ালৰ সৈতে সংঘটিত এই ঘটনাই পৰিস্থিতি অধিক চৰ্চালৈ আনিছে।
উল্লেখ্য যে, কোনো লোকৰ অপৰাধৰ বাবে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলকো এনেদৰে ৰাজহুৱাভাৱে অপদস্থ কৰা ঘটনাই একাধিক প্ৰশ্নৰ অৱতাৰণা কৰিছে। হত্যাকাণ্ডৰ তদন্ত আৰু অভিযুক্তৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ সমান্তৰালভাৱে আইন নিজৰ হাতত তুলি নোলোৱাৰ প্ৰয়োজনীয়তাও পুনৰ চৰ্চালৈ আহিছে।
দুলীয়াজানৰ এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালটোক ভাড়াঘৰৰ পৰা উলিয়াই পঠিওৱা আৰু ৰাজপথত অপদস্থ কৰাৰ ঘটনাক লৈ পৰৱৰ্তী সময়ত প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















