• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

1 minute ago
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

36 minutes ago
আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

1 hour ago
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

2 hours ago
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

2 hours ago
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

3 hours ago
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

3 hours ago
ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

4 hours ago
Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

4 hours ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

5 hours ago
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

6 hours ago
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

7 hours ago
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু

ক'ত এই ঘটনা?

editor by editor
November 18, 2026
in বিবিধ, বিশ্ব, লেখা
0
ভয়ংকৰ বিমান দুৰ্ঘটনা! বিমানখনত থকা আটাইকেইগৰাকী লোকৰ মৃত্যু
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। পশ্চিম ছাইবেৰিয়াৰ কেমেৰোভো অঞ্চলত এখন সামৰিক পৰিবহণ বিমান সম্পূৰ্ণৰূপে ভূপতিত হোৱাৰ ফলত বিমানখনত থকা ১৯গৰাকী লোকৰ মৃত্যু ঘটিছে। এই ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত থকা কোনো লোকেই প্ৰাণৰক্ষা কৰিবলৈ সক্ষম নহ’ল।

১৭ নৱেম্বৰত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাছিয়াৰ পশ্চিম ছাইবেৰিয়াৰ কেমেৰোভো অঞ্চলৰ ইয়াগুনোভো (Yagunovo) নামৰ গাঁওখনৰ সমীপৰ এটা নিৰ্জন স্থানত ভূপতিত হয় সামৰিক বিমানখন। বিমানখন এখন Antonov An-12 সামৰিক পৰিবহণ বিমান আছিল বুলি জানিব পৰা গৈছে। বিমানখনত কৰ্মচাৰীসহ মুঠ ১৯গৰাকী লোক আছিল। দুৰ্ঘটনাৰ পিছতে আটাইকেইজন লোকৰ মৃত্যু হোৱা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিশ্চিত কৰিছে।

কাৰিকৰী বিজুতিৰ বাবেই দুৰ্ঘটনাৰ সন্দেহ

প্ৰাথমিক তথ্য অনুসৰি, বিমানখনত হোৱা কাৰিকৰী বিজুতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাছিয়াৰ কৰ্তৃপক্ষই। অৱশ্যে প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বিমানখন নিয়মীয়া উৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয়। ইয়াগুনোভো গাঁৱৰ সমীপৰ জনবসতিহীন অঞ্চলত বিমানখন ভূপতিত হোৱাৰ ফলত দুৰ্ঘটনাস্থলীত জুইৰ সূত্ৰপাত ঘটে। পৰৱৰ্তী সময়ত জৰুৰীকালীন উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। কেমেৰোভো অঞ্চলৰ গভৰ্ণৰ ইলিয়া ছেৰেডিউকে (Ilya Seredyuk) সামাজিক মাধ্যমযোগে দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰে। তেওঁ জনোৱা অনুসৰি, দুৰ্ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী, চিকিৎসা কৰ্মী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ দল উপস্থিত হয়।

তদন্তৰ দায়িত্ব বায়ুসেনাৰ বিশেষজ্ঞক

এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ ৰাছিয়াৰ মহাকাশ বাহিনীৰ বিশেষজ্ঞৰে গঠিত এটা তদন্তকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। বিমানখনৰ ধ্বংসাৱশেষ পৰীক্ষা কৰাৰ লগতে দুৰ্ঘটনাৰ পূৰ্বে বিমানখনৰ কাৰিকৰী অৱস্থা কেনে আছিল, সেই সন্দৰ্ভতো অনুসন্ধান চলোৱা হ’ব। ইয়াৰ সমান্তৰালভাৱে ৰাছিয়াৰ তদন্তকাৰী সমিতিয়েও বিমান সুৰক্ষা বিধি উলংঘনৰ সম্ভাৱনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। তদন্তৰ অন্ততহে বিমানখন কিয় আৰু কেনেকৈ ভূপতিত হ’ল, সেই বিষয়ে অধিক স্পষ্ট তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

কি এই AN-12 সামৰিক বিমান?

উল্লেখ্য যে, Antonov An-12 হৈছে ছোভিয়েট ইউনিয়নৰ সময়ত নিৰ্মিত এখন চাৰিটা ইঞ্জিনযুক্ত সামৰিক পৰিবহণ বিমান। ১৯৫০ৰ দশকত এই বিমানৰ বিকাশ ঘটোৱা হৈছিল আৰু ১৯৫০ৰ দশকৰ শেষৰ ফালে ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছিল। সামৰিক বাহিনীৰ লোক, অস্ত্ৰ-শস্ত্ৰ, বিভিন্ন সামৰিক সা-সামগ্ৰী আৰু অন্যান্য সামগ্ৰী পৰিবহণৰ বাবে এই বিমান ব্যৱহাৰ কৰা হয়। বিমানখনত সাধাৰণতে ছয়গৰাকীমান কৰ্মচাৰী থাকে যদিও ইয়াৰ পৰিবহণ ক্ষমতা অনুসৰি অধিক লোক আৰু সামগ্ৰী কঢ়িয়াই নিব পাৰে। এই দুৰ্ঘটনাত ১৯গৰাকী লোকৰ মৃত্যু হোৱা ঘটনাই পুনৰ এবাৰ সামৰিক বিমানৰ সুৰক্ষা আৰু কাৰিকৰী পৰীক্ষণৰ গুৰুত্বৰ বিষয়টো চৰ্চালৈ আনিছে। বৰ্তমানেও অব্যাহত আছে তদন্ত। বিমানখনৰ কাৰিকৰী বিজুতিয়েই দুৰ্ঘটনাৰ মূল কাৰণ আছিল নে আন কোনো কাৰকে ইয়াৰ আঁৰত ভূমিকা লৈছিল, সেয়া তদন্তৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে নিশ্চিত হ’ব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক
জীৱনশৈলী

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

November 18, 2026
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক
জীৱনশৈলী

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

November 18, 2026
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট
বিনোদন

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

November 18, 2026
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ
বিশ্ব

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

November 18, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.