• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

1 minute ago
আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

27 minutes ago
৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

৯ সংখ্যাটো শুভ নে? সংখ্যাতত্ত্ব আৰু জ্যোতিষশাস্ত্ৰই কি কয় জানক

1 hour ago
Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

Winter relationship: শীতকালত প্ৰেম বেছি বাঢ়ে নেকি? বিশেষজ্ঞই কি কয় জানক

1 hour ago
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

2 hours ago
ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

ASEAN দেশৰ পৰ্যটকক ভাৰতলৈ আদৰিবলৈ বিশেষ পদক্ষেপ, বিনামূলীয়া ই-ভিছাৰ প্ৰস্তাৱ মোদীৰ

3 hours ago
ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

ইংৰাজীত বঠীক কি কয়? ৯৯% শতাংশ লোকে নাজানে সঠিক উত্তৰ

3 hours ago
Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

Airtel Recharge: ২৯৯ টকাৰ ৰিচাৰ্জৰ সৈতে একাধিক সুবিধা, চমক দিলে এয়াৰটেলে!

4 hours ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

সোণে দেখুৱাই আছে যাদু! গহণা ক্ৰয়ৰ এয়াই নেকি উচিত সময়?

4 hours ago
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

5 hours ago
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

7 hours ago
অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

অনামিকাৰ পৰা ৰৈ ৰৈ বিনালেলৈ… সহজ নাছিল জুবিনৰ সুৰীয়া যাত্ৰা!

7 hours ago
গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

গ’ল্ডিবিহীন দ্বিতীয়টো জন্মদিন, স্মৃতিৰ পাতত আজিও জীৱন্ত প্ৰাণৰ শিল্পীগৰাকী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?

কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক?

editor by editor
November 18, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
কোন সতীৰ্থ খেলুৱৈয়ে গালি পাৰিছিল ধোনীক? ধোনীতকৈ যথেষ্ট জুনিয়ৰ কোন সেইজন ক্ৰিকেটাৰ?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এম এছ ধোনীক লৈ ক্ৰিকেট জগতত সময়ে সময়ে বিভিন্ন চৰ্চা চলি থাকে। তেওঁৰ অধিনায়কত্ব, খেলৰ কৌশল আৰু শান্ত স্বভাৱৰ বাবে বিশ্বজুৰি অসংখ্য অনুৰাগী আছে। কিন্তু এইবাৰ ধোনীক গালি-গালাজ কৰা এজন খেলুৱৈক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। প্ৰাক্তন ক্ৰিকেটাৰ তথা ধাৰাভাষ্যকাৰ আকাশ চোপ্ৰাৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে ১৭ নৱেম্বৰত বিয়লি ২:৫০ বজাত এম এছ ধোনীয়ে আই পি এলৰ পৰা অৱসৰ ঘোষণা কৰি অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে (CSK) পাঁচবাৰ আই পি এলৰ খিতাপ অৰ্জন কৰিছে। তেওঁৰ নেতৃত্ব দিয়াৰ দক্ষতা আৰু কঠিন পৰিস্থিতিতো শান্ত হৈ থকাৰ ক্ষমতাই তেওঁক ক্ৰিকেট জগতৰ অন্যতম সফল অধিনায়ক হিচাপে প্ৰতিষ্ঠা কৰিছে। কিন্তু ইমান জনপ্ৰিয় এগৰাকী খেলুৱৈক কোনো সতীৰ্থই গালি-গালাজ কৰিছিল নেকি? আকাশ চোপ্ৰাৰ ভাইৰেল ভিডিঅ’টোৱে এই প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ধোনীক কোনে গালি-গালাজ কৰিছিল?

আকাশ চোপ্ৰাৰ ভাইৰেল ভিডিঅ’ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ২০২৩ চনৰ আই পি এলত। সেইবাৰ চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এলৰ খিতাপ দখল কৰিছিল। আকাশ চোপ্ৰাই ভিডিঅ’টোত উল্লেখ কৰা মতে, CSKৰ এজন খেলুৱৈয়ে ধোনীক গালি-গালাজ কৰিছিল। এই ঘটনাৰ পিছত দলৰ এজন সদস্যই ধোনীক সেই খেলুৱৈজনক দলৰ পৰা আঁতৰাই দিয়াৰ পৰামৰ্শও দিছিল।

কিন্তু ধোনীয়ে তেনে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে খেলুৱৈজনৰ প্ৰদৰ্শন আৰু দলৰ বাবে তেওঁৰ অৱদানক গুৰুত্ব দিছিল। খেলপথাৰত খেলুৱৈজনৰ প্ৰদৰ্শন ভাল হোৱা বাবে ধোনীয়ে তেওঁক দলত ৰাখিবলৈ সিদ্ধান্ত লৈছিল বুলি আকাশ চোপ্ৰাই নিজৰ ভিডিঅ’টোত প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত চৰ্চাত আকাশ সিঙৰ নাম

আকাশ চোপ্ৰাই তেওঁৰ ভিডিঅ’টোত ধোনীক গালি-গালাজ কৰা খেলুৱৈজনৰ নাম স্পষ্টকৈ উল্লেখ কৰা নাই। অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত এজন বিশেষ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা বিভিন্ন চৰ্চা অনুসৰি, এই খেলুৱৈজন আকাশ সিং বুলি অনুমান কৰা হৈছে। তেওঁ ২০২৩ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল।

অৱশ্যে এই দাবীৰ কোনো নিশ্চিত প্ৰমাণ পোৱা হোৱা নাই। এই প্ৰতিবেদনতো আমি আকাশ সিঙেই ধোনীক গালি-গালাজ কৰা সেই খেলুৱৈজন বুলি নিশ্চিত কৰা নাই। সেয়েহে কেৱল ছ’চিয়েল মিডিয়াৰ চৰ্চাৰ ভিত্তিত তেওঁক এই ঘটনাৰ সৈতে জড়িত বুলি কোৱাটো উচিত নহ’ব।

কোন এই আকাশ সিং?

আকাশ সিং এগৰাকী ভাৰতীয় বাওঁহতীয়া বেগী বলাৰ। ২০২১ চনত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ IPLত অভিষেক ঘটাইছিল। পৰৱৰ্তী সময়ত ২০২৩ চনত তেওঁ চেন্নাই ছুপাৰ কিংছত যোগদান কৰে। ২০২৩ চনৰ IPLত CSKৰ হৈ আকাশ সিঙে মুঠ ৬খন মেচ খেলি ৫টা উইকেট দখল কৰিছিল। অৱশ্যে সেই ছিজনৰ পিছতে চেন্নাই ছুপাৰ কিংছে তেওঁক দলৰ পৰা মুকলি কৰি দিয়ে। CSKৰ পৰা মুক্তি পোৱাৰ পিছত ২০২৪ চনৰ আই পি এলত তেওঁ খেলাৰ সুযোগ লাভ কৰা নাছিল। পৰৱৰ্তী দুটা ছিজনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলিছিল আকাশ সিঙে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Dhoni
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন
বিনোদন

আহি আছে ‘পঞ্চায়ত’ৰ পঞ্চম ছিজন

November 18, 2026
কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট
বিনোদন

কেনে আছে অভিনেত্ৰী বৰষাৰাণী? জানক স্বাস্থ্যৰ আপডেট

November 18, 2026
৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক
ভাৰত

৫০ পইচা বেছি লৈ ভৰিল ১০ হাজাৰ টকাৰ জৰিমনা, শাস্তি দিলে ৰেষ্টুৰেণ্টক

November 18, 2026
জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত
বিনোদন

জীৱন ৰক্ষা পৰিল অভিনেত্ৰী বৰষাৰাণীৰ লগতে স্বামী-কন্যাৰ, পুৱতি নিশা পতিত ভয়ংকৰ দুৰ্ঘটনাত

November 18, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.