জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বুদ্ধিমত্তা, জ্ঞান, যুক্তি, বাকশক্তি, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে গণ্য কৰা হয়। সেয়েহে বুধ গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনক জ্যোতিষশাস্ত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। বিশ্বাস কৰা হয় যে বুধৰ অৱস্থান সলনি হোৱাৰ লগে লগে ১২টা ৰাশিৰ লোকৰ জীৱনতো বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিব পাৰে। ইয়াৰ প্ৰভাৱ ব্যক্তিৰ কৰ্মজীৱন, ব্যৱসায়, আৰ্থিক অৱস্থা আৰু ব্যক্তিগত জীৱনত পৰিব পাৰে।
জ্যোতিষীৰ গণনা অনুসৰি, আগন্তুক ২ ডিচেম্বৰত বুধ গ্ৰহই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই দিনটোত সন্ধিয়া ৫ বাজি ২৭ মিনিটত বুধৰ এই ৰাশি পৰিৱৰ্তন হ’ব। জ্যোতিষশাস্ত্ৰৰ মতে, ২২ ডিচেম্বৰলৈকে বুধ গ্ৰহ বৃশ্চিক ৰাশিত অৱস্থান কৰিব। ইয়াৰ পিছত গ্ৰহটোৱে ধনু ৰাশিত প্ৰৱেশ কৰিব।
বুধৰ এই ৰাশি পৰিৱৰ্তন কিছুমান ৰাশিৰ লোকৰ বাবে শুভ বুলি বিবেচিত হৈছে। বিশেষকৈ তুলা, সিংহ আৰু বৃশ্চিক ৰাশিৰ লোকসকলে এই সময়ছোৱাত আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত সফলতা আৰু ব্যৱসায়ত লাভৰ মুখ দেখাৰ সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা হৈছে। জানো আহক, এই তিনিটা ৰাশিৰ লোকৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে।
তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলৰ বাবে বুধৰ এই পৰিৱৰ্তন যথেষ্ট শুভ হ’ব পাৰে। এই সময়ছোৱাত হঠাতে আৰ্থিক লাভৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিনৰ পৰা আনৰ ওচৰত আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰো যোগ আছে বুলি বিশ্বাস কৰা হৈছে। চাকৰিয়াল লোকসকলে কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিব। আপোনাৰ কামৰ শলাগ লোৱাৰ লগতে নতুন দায়িত্ব লাভ কৰিব পাৰে। ইয়াৰ ফলত পদোন্নতিৰ পথো মুকলি হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবেও এই সময় অনুকূল হ’ব পাৰে। পূৰ্বৰ বিনিয়োগ অথবা ব্যৱসায়িক চুক্তিৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সময়ছোৱাত পৰিয়ালৰ সুখ-সুবিধা আৰু ঘৰুৱা প্ৰয়োজনত ধন ব্যয় বৃদ্ধি পাব পাৰে। সেয়ে আয়ৰ লগতে ব্যয়ৰ ওপৰতো নজৰ ৰখা উচিত।
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবেও বুধৰ ৰাশি পৰিৱৰ্তনে সুখবৰ কঢ়িয়াই আনিব পাৰে। বিশেষকৈ চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম-কাজৰ শলাগ লোৱা হ’ব পাৰে। লগতে উৰ্ধতন বিষয়াসকলৰ পৰাও সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰাৰ পৰিকল্পনা কৰি থকা লোকসকলে নতুন সুযোগ লাভ কৰিব পাৰে। নতুন চাকৰি অথবা উন্নত কৰ্মসংস্থাপনৰ পথ মুকলি হোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হ’ব পাৰে। নতুন গ্ৰাহকৰ সৈতে চিনাকি হোৱাৰ লগতে নতুন ব্যৱসায়িক প্ৰস্তাৱ লাভ কৰিব পাৰে। ইয়াৰ উপৰি আয়ৰ নতুন উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাসকলৰ বাবেও সময়ছোৱা অনুকূল বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে।
বৃশ্চিক ৰাশি
বুধ গ্ৰহই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিবলগীয়া হোৱাৰ বাবে এই ৰাশিৰ লোকসকলৰ বাবে এই পৰিৱৰ্তন বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ লোকৰ আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো আগতকৈ অধিক সাহস আৰু বিচক্ষণতা দেখুৱাব পাৰিব। চাকৰিয়াল লোকসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব অথবা উন্নতিৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে।
ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও লাভৰ নতুন পথ বিচাৰি পাব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা পুৰণি বিবাদ অথবা আইনী সমস্যাৰ সমাধান হোৱাৰ সম্ভাৱনাও আছে। ইয়াৰ ফলত আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ লগতে সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে। উল্লেখ্য যে, এই ফলাফলসমূহ জ্যোতিষশাস্ত্ৰৰ বিশ্বাস আৰু গ্ৰহৰ অৱস্থানৰ ওপৰত আধাৰিত। ইয়াৰ কোনো বৈজ্ঞানিক নিশ্চয়তা নাই। বাস্তৱ জীৱনত আৰ্থিক বা কেৰিয়াৰ সম্পৰ্কীয় সিদ্ধান্ত লওঁতে নিজৰ পৰিস্থিতি আৰু উপলব্ধ তথ্যক গুৰুত্ব দিয়া উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















