বৰাক নৈত ডুব গ’ল বাহনসহ পৰিয়াল, ১৩ মহীয়া কন্যাৰ সৈতে মাতৃ নিহত
পুৱাই বৰাক উপত্যকাৰ পৰা আহে এক অতিকে শোকাৱহ খবৰ। বাহনসহ সম্পূৰ্ণ পৰিয়াল ডুব যায় নদীত। যাৰ ফলত মাতৃৰ সৈতে প্ৰাণ হেৰুৱালে এটি ১৩ মহীয়া শিশুৱে।
কাছাৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত বাগৰি পৰে এখন অল্ট’ বাহন। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল পিতৃ-মাতৃৰ সৈতে ১৩ মহীয়া কন্যা সন্তান।
নদীত ডুবিবলৈ ধৰাৰ সময়ত কোনোমতে বাহনৰ গ্লাছ ভাঙি বাহিৰ ওলাই প্ৰাণ ৰক্ষা পৰে পিতৃ ৰইছউদ্দিনৰ। কিন্তু বাহন সৈতে নিখোজ হৈ পৰে মাতৃ হেলিনা বেগম বৰভূঞা আৰু ১৩ মহীয়া কন্যা জন্নতাৰা।
প্রায় দীর্ঘ সময় ধৰি নিখোঁজ থাকাৰ পিছত অৱশেষত পুৱা উদ্ধাৰ হয় বাহনৰ সৈতে মাতৃ-কন্যাৰ নিথৰ দেহ। মাতৃৰ কোলাতেই অকাল বিয়োগ ঘটে কনমানি শিশুটোৰ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মঙলবাৰে নিশা কাছাৰৰ বৰখলাৰ মোহনপুৰৰ পৰা আহি আছিল এল্ট’খন। ৰইছউদ্দিন নামৰ লোকজনে পত্নী-কন্যাক লৈ আহিছিল চিকিৎসকৰ ওচৰলৈ। পাছে বাটতে নিয়ন্ত্ৰণ হেৰুৱাই বাহনে আৰু নৈত পৰি ডুব যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ