ইউনুছ চৰকাৰৰ উপদেষ্টাৰ বিতৰ্কিত মন্তব্য আৰু মেপ- অসম-ত্ৰিপুৰা-পশ্চিমবংগ সোমাল বাংলাদেশত
মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ‘উপদেষ্টা’ হিচাপে কাম কৰা মাহফুজ আলমে বিজয় দিৱস উপলক্ষে ভাৰত দখল কৰাৰ ভাবুকি দিছে। ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধত পাকিস্তানী সেনাৰ ওপৰত বাংলাদেশী সেনাই জয়লাভ কৰাৰ স্মৃতিত ১৬ ডিচেম্বৰত বিজয় দিৱস পালন কৰা হয়।
১৬ ডিচেম্বৰ সোমবাৰে ফেচবুকত পোষ্ট দি কঠোৰপন্থী ইছলামিক মাহফুজ আলমে প্ৰথমে উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতত বসবাস কৰা লোকসকলৰ মাজত সংস্কৃতিৰ আধাৰত বিসংগতি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। লগতে এখন বিতৰ্কিত মেপ তথা মানচিত্ৰ প্ৰকাশ কৰে, য’ত পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ হিচাপে দেখুওৱাই। অৱশ্যে এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছতে মাহফুজে সেই পোষ্টটো নাইকিয়া কৰে।
মাহফুজ আলমে তেওঁৰ পোষ্টত লিখিছে যে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ জনসাধাৰণৰ সংস্কৃতি ধৰ্ম নিৰ্বিশেষে ‘একে’। তাৰ পিছত তেওঁ দাবী কৰিছিল যে উচ্চ জাতি আৰু ‘হিন্দু মৌলবাদী’ৰ ‘বংগ বিৰোধী মনোভাৱ’ৰ বাবেই পূব পাকিস্তানৰ সৃষ্টি হৈছে।
https://x.com/bdwatch2024/status/1868909966456999994
লগতে মাহফুজ আলমে সেই পোষ্টত প্ৰৰোচনামূলকভাৱে কয় যে, “ভাৰতে কণ্টেইনমেণ্ট আৰু গেট্টো কাৰ্যসূচী গ্ৰহণ কৰিছে…ভাৰতৰ পৰা প্ৰকৃত স্বাধীনতা নিশ্চিত কৰিবলৈ আমি ১৯৭৫ আৰু ২০২৪ চনৰ পুনৰাবৃত্তি কৰিব লাগিব।”
ইয়াকো কয়, ‘এই যুঁজখনৰ অন্ত পেলাবলৈ তেওঁলোক এতিয়াও নিজৰ প্ৰাণ দিবলৈ সাজু। বাংলাদেশ এটা আৰম্ভণিৰ বিন্দু, শেষ বিন্দু নহয়।”
মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ‘উপদেষ্টা’ মাহফুজ আলমে ভাৰত দখল কৰাৰ নিজৰ কল্পনা শ্বেয়াৰ কৰাৰ ২ ঘণ্টাৰ ভিতৰতে পোষ্টটো ডিলিট কৰি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ