ৰাছিয়াৰ দাবী- তেওঁলোকে তৈয়াৰ কৰিলে কেঞ্চাৰ ভেকচিন, নতুন বছৰৰ পৰা বিনামূলীয়াকৈ উপলব্ধ
যি সময়ত সমগ্ৰ বিশ্বই কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ সৈতে যুঁজ দি আছে, সেই সময়তে ৰাছিয়াই দিছে এক বিশেষ খবৰ। ৰাছিয়াই এনে এটা দাবী কৰিছে যিটো সমগ্ৰ বিশ্বৰ বাবে সকাহৰ খবৰ। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে কেন্সাৰ ভেকচিন তৈয়াৰ কৰিছে যিটো সকলো নাগৰিকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব।
১৬ ডিচেম্বৰ সোমবাৰে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে যে তেওঁলোকে কৰ্কট ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰিছে যিটো ২০২৫ চনৰ আৰম্ভণিৰ পৰা ৰাছিয়াৰ কৰ্কট ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ সাধাৰণ সঞ্চালক আন্দ্ৰে কাপ্ৰিনে ৰাছিয়াৰ এটা ৰেডিঅ’ চেনেলত এই ভেকচিনৰ বিষয়ে তথ্য প্ৰদান কৰে।
মস্কোৰ গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ এপিডেমিঅ’লজি এণ্ড মাইক্ৰ’বায়’লজীৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে পূৰ্বে জনাইছিল যে এই ভেকচিনে টিউমাৰৰ বৃদ্ধি ৰোধ কৰিব পাৰে আৰু কেন্সাৰ বিয়পি পৰাত বাধা দিব পাৰে। এই ভেকচিন কেন্সাৰ প্ৰতিৰোধৰ বাবে সাধাৰণ জনতাক দিয়াতকৈ কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি স্পষ্ট। এই ভেকচিন প্ৰতিটো প্ৰকাৰৰ কৰ্কট ৰোগীক দিব পাৰি।
ৰাছিয়াৰ নেশ্যনেল মেডিকেল ৰিচাৰ্চ ৰেডিঅ’লজিকেল চেণ্টাৰ আৰু গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰকে ধৰি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে এই ঘোষণা নিশ্চিত কৰি ভেকচিনৰ কাম কেনেকুৱা হয় সেই বিষয়ে স্পষ্ট কৰি দিয়ে।
অৱশ্যে বৰ্তমনালৈকে এই ভেকচিনে কোনবোৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিব, কিমান ফলপ্ৰসূ হ’ব, আনকি ভেকচিনটোক কি বুলি কোৱা হ’ব বা কি নাম দিব সেয়া স্পষ্ট হোৱা নাই। বৈজ্ঞানিকভাৱে সম্ভৱ যে কেন্সাৰক লক্ষ্য কৰি কোনো ধৰণৰ ভেকচিন প্ৰস্তুত কৰা হ’ব পাৰে। আন দেশসমূহেও বৰ্তমান একেধৰণৰ ভেকচিনৰ বাবে কাম কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ