কৰ্কট চিকিৎসাৰ বাবে এইবাৰ বৃহৎ পদক্ষেপ ল’বলৈ আগবাঢ়িছে ভাৰত৷ মহিলাৰ কৰ্কট প্ৰতিৰোধক ভেকছিন দিয়াৰ পথত আগবাঢ়িছে ভাৰত৷ শীঘ্ৰেই ভাৰতৰ বজাৰলৈ আহিব এই টিকা৷ জানি থওক কোনে কোনে ল’ব পাৰিব এই ভেকচিন৷
কোন কোন এই টিকা লোৱাৰ যোগ্য?
কৰ্কটৰ টিকাকৰণক লৈ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱে জনাইছে যে মহিলাক পোনতে এই টিকা দিয়া হ’ব৷ আগন্তুক ৫ৰ পৰা ৬মাহৰ ভিতৰত এই ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ ৯-১৬ বছৰ বয়সীয়াই এই টিকা ল’ব পাৰিব৷ কেন্দ্ৰীয় স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু আয়ুষ প্ৰতিমন্ত্ৰীয়ে লগতে জনাই যে ভেকচিন গৱেষণা প্ৰায় শেষৰ পথত৷ এতিয়া ট্ৰায়েল চলিছে৷
৩০ বছৰৰ বেছি বয়সীয়া মহিলাসকলৰ হ’ব স্ক্ৰিনিং
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘দেশত কৰ্কট ৰোগীৰ সংখ্যা বাঢ়িছে৷ কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এতিয়া ৩০বছৰৰ ঊৰ্ধৰ মহিলাসকলক হাস্পতালত স্ক্ৰিনিং কৰা হ’ব৷ পাছত এই ৰোগ প্ৰাথমিকভাৱে চিনাক্ত কৰাৰ বাবে ডে কেয়াৰ কৰ্কট কেন্দ্ৰ তৈয়াৰ কৰিব চৰকাৰে৷ ইতিমধ্যেই কৰ্কট চিকিৎসাত ব্যৱহৃত ঔষধৰ শুল্কতো ৰেহাই দিছে কেন্দ্ৰই৷
কেনে ধৰণৰ কৰ্কটৰ ৰোধত কামত লাগিব এই ভেকচিন?
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাইছে যে স্তন, মুখ আৰু জৰায়ুৰ কৰ্কট প্ৰতিৰোধত কামত আহিব এই টিকা৷ বৰ্তমান কেন্দ্ৰৰ স্বাস্থ্য পৰিষেৱা কেন্দ্ৰসমূহত আয়ুষৰ সুবিধাৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্ন কেন্দ্ৰীয় প্ৰতিমন্ত্ৰীগৰাকীয়ে কয়, ‘হাস্পতালত আয়ুষ বিভাগ আছে৷ ৰোগীয়ে তাতেই সকলো সুবিধা লাভ কৰিব৷ দেশত এনে ১২,৫০০ খন স্বাস্থ্য সুবিধা কেন্দ্ৰ আছে৷ আগন্তুক দিনত চৰকাৰে এই সংখ্যা আৰু বঢ়াব৷
কেন্সাৰ ভেকচিন কি?
কেন্সাৰ ভেকছিন হৈছে এক ধৰণৰ ইমিউনোথেৰাপি, যাৰ লক্ষ্য কৰ্কট কোষৰ বিৰুদ্ধে শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি কৰ্কটক ৰোধ কৰা৷ প্ৰথাগত ভেকচিনসমূহৰ তুলনাত এয়া পৃথক৷ কাৰণ প্ৰথাগত ভেকচিনসমূহে কৰ্কট কোষসমূহত পোৱা নিৰ্দিষ্ট প্ৰটিন বা এণ্টিজেনক টাৰ্গেট কৰে৷ কৰ্কট ভেকচিনৰ দুট প্ৰাথমিক ৰূপ আছে৷ এটা প্ৰিভেনণ্টিভ আৰু অন্যটো থেৰাপিউটিক৷
কোন ভেকচিন কি কামত লাগে?
প্ৰিভেণ্টিভ ভেকচিনসমূহে কৰ্কটৰ সূত্ৰপাত ৰোধ কৰাৰ বাবে অনা হৈছে৷ তাতেই থেৰাপিউটিক ভেকচিনসমূহ কৰ্কট চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়৷ এয়া মূলত টিউমাৰৰ আকাৰ হ্ৰাস কৰা বা শৰীৰৰ অন্য কৰোবাত কৰ্কটৰ বীজানু বাঢ়িবলৈ নিদিয়াৰ কাম কৰে৷ বৰ্তমান পৰ্যন্ত গঠনমূলক পৰ্যায়ত আছে এই কৰ্কটৰ ভেকচিনসমূহ৷ যি মেলানোমা আৰু প্ৰষ্টেট কৰ্কটৰ দৰে কৰ্কটৰ কিছু ফৰ্মৰ ক্লিনিকেল ট্ৰায়েল কাৰ্যকৰী হৈছে৷ ইয়াৰ কাৰ্যকাৰিতা আৰু বঢ়োৱাৰ বাবে কেমোথেৰাপি আৰু ৰেডিয়েছন থেৰাপিৰ দৰে অন্যান্য থেৰাপিৰ সৈতে এইসমূহক মিহলোৱাৰো সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ