অদিতিৰ পাছত এইবাৰ বনাৰসী শাৰী, সেন্দূৰেৰে কাঁন মহোৎসৱত জিলিকিল ঐশ্বৰ্য
কালি কাঁন মহোৎসৱত নীলা পাৰি থকা ৰঙা শাৰী লগতে বিবাহৰ পাছত প্ৰথমবাৰৰ বাবে সেন্দূৰ লৈ জলবা দেখুওৱা পৰিলক্ষিত হয় অদিতি ৰাও হায়দৰীয়ে। একেবাৰে সাধাৰণ শাৰী পৰিধান কৰাৰ পাছতো লাইম-লাইট কাঢ়ি নিলে অদিতিয়ে। অদিতিৰ পাছত সকলোৰে দৃষ্টি কাঢ়ে বিশ্ব সুন্দৰী ঐশ্বৰ্যই।
কাঁন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে বুধবাৰে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি সকলোকে আচৰিত কৰি তোলে। ৰঙা কাৰ্পেটত ঐশ্বৰ্যক দেখা গ’ল এখন ধুনীয়া বগা বেনাৰসী শাৰী পিন্ধি অহা।
বিগত ২০ বছৰ ধৰি কাঁনত নিয়মীয়াকৈ উপস্থিত হৈ অহা অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতা অলিভাৰ হাৰ্মানছৰ ঐতিহাসিক ছবি ‘দ্য হিষ্ট্ৰী অৱ চাউণ্ড’ৰ প্ৰিমিয়াৰৰ পূৰ্বে চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হৈছিল। সেই সময়তে ঐশ্বৰ্য ৰায়ে বগা শাৰীৰ সৈতে পিন্ধিছিল ৰুবী নেকেলেচ।
বলীউডৰ তাৰকা ঐশ্বৰ্য ৰায় বচ্চনে পুনৰবাৰ প্ৰমাণ কৰিলে তেওঁক কিয় কাঁন কুইন বুলি কোৱা হয়। বুধবাৰে ঐশ্বৰ্যই বেনাৰসী শাৰী আৰু ‘সেন্দূৰ’ পিন্ধি ৰেড কাৰ্পেটত খোজ দিয়ে।
বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাইও উৎকৃষ্ট আইভৰী ৰঙৰ হেণ্ডলুম শাৰী নিৰ্মাণৰ কৃতিত্ব লাভ কৰে। মনীষ মালহোত্ৰাৰ লেবেলৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰা হৈছে কাঁন ২০২৫ৰ পৰা ঐশ্বৰ্যৰ ফাৰ্ষ্ট লুকৰ ছবি।
ঐশ্বৰ্যই হাতেৰে বোৱা টিছু ড্ৰেপ আৰু ৰুবীৰ ৰাজকীয় ঐতিহ্যৰ সৈতে হাতেৰে বোৱা আইভৰী ৰঙৰ হেণ্ডলুম বানাৰসী শাৰীত সোণ আৰু ৰূপৰ গুণাৰে কাম কৰা ক্লাছিক ডিজাইলে দৃষ্টি কাঢ়ে। উল্লেখ্য যে, ২০০২ চনতো কাঁন চলচ্চিত্ৰ মহোৎসৱত শাৰী পৰিধান কৰিছিল। সেইবাৰ শ্বাহৰুখৰ সৈতে হালধীয়া ৰঙৰ শাৰী পৰিধান কৰি ভাৰতীয় পৰম্পৰা বিশ্বৰ আগত দাঙি ধৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ





















