দিনত তেওঁ শিশুসকলৰ শিক্ষক৷ শিশুৰ ভৱিষ্যৎ দেখুওৱাওতা. আৰু নিশা হ’লেই সলনি হৈ পৰে তেওঁৰ পেছা৷ প্ৰাপ্তবয়স্কৰ চিনেমাৰ নায়িকা হৈ উঠে সেই শিক্ষয়িত্ৰী৷ কেনেকৈ পোহৰলৈ আহিল সেই তথ্য? ছচিয়েল মিডিয়াত এই খবৰক লৈ জোৰদাৰ চৰ্চা চলিছে৷ কোনোৱে কৈছে শিক্ষয়িত্ৰীৰ ভুল যদি আন কোনোৱে আকৌ শিক্ষয়িত্ৰীৰ সপক্ষে থিয় দিছে৷
শিক্ষয়িত্ৰীৰ নাম এলেনা মাৰেগা৷ বয়স ২৯ বছৰ৷ ইটালীৰ এক কেথেলিক নাৰ্ছাৰি স্কুলত চাকৰি কৰিছে৷ শিশুসকলক ক্লাছ কৰিছিল তেওঁ৷ অন্যহাতে নিশা হলেই পেছা সলনি হৈ পৰে এলেনাৰ৷ অভিযোগ যে তেওঁ অনলি ফেনৰ দৰে প্ৰাপ্তবয়স্ক ৱেবচাইটত মডেল হিচাপে কাম কৰে৷ নিজৰ প্ৰাপ্তবয়স্ত ভিডিঅ তাত তেওঁ বিক্ৰী কৰে৷ এই ভিডিঅত চকু পৰিছে কেইবাগৰাকীও অভিভাৱকৰ৷ ইয়াৰপাছতেই স্কুল কৰ্তৃপক্ষৰ ওচৰত অভিভাৱকে অভিযোগ দিয়ে৷ অভিভাৱকৰ দাবী,
‘এগৰাকী শিক্ষয়িত্ৰীয়ে যিয়ে ছাত্ৰছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ বাবে কাম কৰিছে তেওঁলোকে এনেধৰণৰ পেছাৰ সৈতে যুক্ত থাকিলে শিশুৱে কি শিকিব?’ ইয়াৰপাছতেই চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় এলেনাক৷ যদিও স্কুলৰ সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁ জনাই যে তেওঁৰ মাহিলী দৰমহা মাত্ৰ ১২০০ ইউৰো৷ যাৰ পৰা সংসাৰৰ খৰচ চলোৱা সম্ভৱ নহয়৷ শিশুসকলক পঢ়োৱাবলৈ ভালপাই বাবেই তেওঁ শিক্ষয়িত্ৰীৰ কামটো কৰি আছে৷ এইটো তেওঁৰ নিচাহে৷ পেছা তেওঁৰ ইণ্টাৰনেট মডেলিঙহে৷ মাত্ৰ এমাহ পূৰ্বে তেওঁ অনলিফেনছত কাম আৰম্ভ কৰিছিল৷ তাৰপৰাই তেওঁৰ ভাল আয়ো হৈছে৷ সমগ্ৰ বিষয়টোক লৈ চৰকাৰী হস্তক্ষেপ দাবী কৰিছে এতিয়া অভিভাৱকসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ