অসম লাইভ২৪ঃ উপদেশতকৈ আৰ্হি ভাল! ৰোগীক উপদেশ দিয়াৰ আগতে চিকিৎসকে নিজে কিছুমান শুধৰণি হোৱা দৰকাৰ। ৰোগীক মদ্যপানৰ অভ্যাস ত্যাগ কৰিবলৈ কোৱাৰ আগতে চিকিৎসকসকলে মদ্যপানৰ অভ্যাস এৰক। সুৰাপানক লৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিছে এই নিৰ্দেশনা। চিকিৎসকসকলে মূলত মদ্যপানৰ অভ্যাস দূৰ কৰিবলৈ চিকিৎসকেই পোনতে দৃষ্টাম্ত গঢ়ি তুলিব লাগিব।
সম্প্ৰতি দেশৰ ডাইৰেক্টৰ জেনেৰেল অৱ হেলথ ছাৰ্ভিছেছ অতুল গোৱেলে এখন বিশেষ চিঠি লিখিছে। চিঠিত তেওঁ উল্লেখ কৰামতে, চিকিৎসকসকলে স্বাস্থ্য সন্মিলন, আলোচনাচক্ৰ, শিক্ষামূলক অনুষ্ঠান, কৰ্মশালাৰ পাছত হোৱা ডিনাৰত চিকিৎসকৰ ৱাইন পাৰ্টী বা ককটেইল পাৰ্টীৰ ব্যৱস্থা সম্পূৰ্ণ বন্ধ কৰিব লাগে। এয়া বন্ধ হ’লে চিকিৎসকে সমাজত এটা উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হ’ব।
অতুল গোৱেলে চিঠিত পৰিষ্কাৰকৈ উল্লেখ কৰিছে যে, চিকিৎসকে নিজেই মদ্যপান কৰি ৰোগীক সুৰাপানৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়ে। যদি নিজেই সুৰাপায়ী হয় তেন্তে ৰোগীক মদ্যপানৰ অভাস এৰিবলৈ কোৱাৰ নৈতিক অধিকাৰ চিকিৎসকৰ নাথাকিব। অতুল গোৱেলৰ এই আহ্বান দেশৰ প্ৰায়সংখ্যক চিকিৎসকেই যোগাত্মকভাৱে লৈছে যদিও একাংশ চিকিৎসক কিন্তু এই কথাক লৈ অসন্তুষ্টও। দেশৰ সৰ্ববৃহৎ চিকিৎসক সংগঠন, ইণ্ডিয়ান মেডিকেল এছোচিয়েছনৰ সচিব অনিল নায়েকে এই সন্দৰ্ভত কয়, ‘এয়া সঠিক কথাই। এনে কামে চিকিৎসকৰ সন্মানহে হানি কৰে। চিকিৎসকে নিজেই স্বাস্থ্যৰ প্ৰতি সচেতন নহ’লে ৰোগীক কি বুজাব!’
ইফালে এজন শল্য চিকিৎসক তথা ব্ৰেষ্ট কেন্সাৰ চাৰ্জন দীপ্তেন্দ্ৰ চৰকাৰে এই সন্দৰ্ভত কয়, ‘এটা সময় আছিল যেতিয়া আমিও ভাৱিছিলো যে অলপমান সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষে ভালেই। কিন্তু শেহতীয়াকৈ চলা গৱেষণাসমূহৰ পৰা পোহৰলৈ আহিছে যে সুৰাৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়, বৰঞ্চ অপকাৰহে হয়। সুৰা লিভাৰৰ বাবেই বেয়া তেনে নহয়। সুৰাপানৰ পৰা কৰ্কটৰ আশংকাও বাঢ়ি যায়।’
উল্লেখ্য যে দেশৰ ৬৩ শতাংশ লোকৰ মৃত্যুৰ আঁৰতেই আছে অসংক্ৰামক ৰোগব্যাধি। ইয়াৰে সৰ্বাধিকেই হৈছে হাৰ্টৰ ৰোগ। ২৭শতাংশ লোকৰ হাৰ্টৰ সমস্যাত মৃত্যু হয়। শ্বাসজনিত সমস্যাত মৃত্যু হয় ১১শতাংশ লোকৰ, কৰ্কটত মৃত্যু হয় ৯শতাংশ ৰোগৰ আৰু অন্যান্য অসুখত ১৩ শতাংশ ৰোগৰ মৃত্যু হয়। এইসমূহৰ উপৰিও অস্বাস্থ্যকৰ জীৱনযাপন, সুৰাপান আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ