৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ, য’ৰ পৰা নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি
৫০০ বছৰীয়া এটা পুৰণি অলৌকিক মন্দিৰ। যি মন্দিৰত নিতৌ নিশা শুনিবলৈ পোৱা যায় বাঁহীৰ ধ্বনি। যাৰ বাবে সন্ধিয়া ৫ বজাৰ লগে লগে তলা লগাই দিয়া হয় মন্দিৰটোত। এই মন্দিৰটোৰ পৰাই নিতৌ নিশা বাঁহীৰ লগতে ঘুংগুৰুৰ শব্দও শুনিবলৈ পোৱা যায়। এনে লাগে যেন কোনোৱে বাঁহীৰ সুৰৰ সৈতে ঘুংগুৰু পিন্ধি নাচিহে আছে।
এই বিশেষ মন্দিৰটো আছে ঝাৰখণ্ডত। ঝাৰখণ্ডৰ ৰাঁচীৰ চুতীয়াত থকা এই মন্দিৰটো ৫০০ বছৰীয়া পুৰণি। এই মন্দিৰটো ৰাধা-কৃষ্ণৰ মন্দিৰ। বছৰ বছৰ ধৰি এই মন্দিৰত সন্ধিয়া শুনিবলৈ পোৱা বাঁহী আৰু ঘুংগুৰুৰ শব্দ ৰহস্যৰ আৱৰ্তত।
এই মন্দিৰৰ ইতিহাস চাবলৈ গ’লে, ৫০০ বছৰ পুৰণি এই মন্দিৰ। এই মন্দিৰত আজিও মহাপ্ৰভুৰ ভৰিৰ চিন দেখা যায়। মানুহে কয় যে এই মন্দিৰত পূজা কৰিলে প্ৰতিটো ইচ্ছা পূৰণ হয়।
এই মন্দিৰত প্ৰতি নিশা শুনিবলৈ পোৱা বাঁহীৰ শব্দ ইমানেই মনোমোহা আৰু সুৰীয়া যেন ভগৱান শ্ৰীকৃষ্ণই নিজেই বাঁহী বজাইছে। কেৱল ঝাৰখণ্ডৰ পৰাই নহয় দূৰ-দূৰণিৰ পৰা এই মন্দিৰলৈ ভক্ত আহে। ৰাধা ৰাণীৰ পুখুৰীও আছে এই মন্দিৰত।
কোৱা হয় যে, সন্ধিয়া ৫ বজাৰ লগে লগে তলা লগাই দিয়া হয়। সন্ধিয়া এই মন্দিৰত ভগৱানে ৰাসলীলা কৰে বুলি বিশ্বাস কৰা হয়। এই সময়ছোৱাত ভুলতে হ’লেও মন্দিৰৰ ওচৰলৈ যোৱা নিষেধ। এবাৰ কোনোবাই চাবি চুৰি কৰি মন্দিৰটো খুলিবলৈও চেষ্টা কৰিছিল। কিন্তু সি চিৰিৰ ওপৰতেই পৰি গৈছিল। মন্দিৰৰ আশে-পাশে বাস কৰা লোকসকলেও সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ খিৰিকী-দুৱাৰ বন্ধ কৰি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















