চেম্পিয়নছ ট্ৰফী জয় কৰাৰ সপোন ভাঙিল নেকি অষ্ট্ৰেলিয়াৰ!
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ২০২৫। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে চিন্তাত অষ্ট্ৰেলিয়ান দল। যাৰ বাবে এতিয়া চেম্পিয়নছ ট্ৰফি জয় কৰাৰ সপোন ভাঙি পৰাৰ দৰে হৈ পৰিছে। কাৰণ দলটোৰ ৫ জন সুদক্ষ খেলুৱৈ বৰ্তমানে দলটোৰ পৰা বাহিৰত।
যাৰ বাবে উত্তেজনা বহু পৰিমাণে বৃদ্ধি কৰিছে দলটোৰ ভিতৰচৰাত। চেম্পিয়নছ ট্ৰফীৰ পৰা অধিনায়ক পেট কামিন্স, মিচেল মাৰ্ছ, বেগী বলাৰ জোছ হেজলউড, কেমেৰন গ্ৰীণ আৰু মাৰ্কাছ ষ্ট’ইনিছক বাহিৰ কৰা হৈছে।
ইয়াৰে মাজতে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল মাৰ্কাছ ষ্টয়নিছে।
আনহাতে ক্ৰিকেট অষ্ট্ৰেলিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অধিনায়ক পেট কামিন্স আৰু জোছ হেজলউডক চেম্পিয়নছ ট্ৰফীৰ পৰা বাদ পৰা বুলি। এই দুয়োগৰাকী খেলুৱৈয়ে টিম ইণ্ডিয়াৰ সৈতে খেলা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত আঘাতপ্ৰাপ্ত হৈছিল। যাৰ বাবে এই দুয়োজন খেলুৱৈ শ্ৰীলংকাৰ সৈতে খেলা টেষ্ট শৃংখলাত অষ্ট্ৰেলিয়ান দলৰো অংশ নহয়।
কামিন্সে গোৰোহাৰ আঘাতৰ সৈতে যুঁজি থকাৰ সময়তে হেজলউডে এতিয়াও তেখেতৰ আঘাতৰ পৰা সুস্থ হোৱা নাই। এতিয়া লক্ষণীয় হ’ব চেম্পিয়নছ ট্ৰফীৰ বাবে এই পাঁচজন খেলুৱৈৰ ঠাইত অষ্ট্ৰেলিয়াৰ দলত কোনে সুযোগ পায়?
অষ্ট্ৰেলিয়া দলৰ বাছনি সমিতিৰ অধ্যক্ষ জৰ্জ বেইলীয়ে কয় যে দুৰ্ভাগ্যজনকভাৱে পেট কামিন্স, জোছ হেজলউড আৰু মিচেল মাৰ্ছ আঘাতপ্ৰাপ্ত হৈ আছে আৰু চেম্পিয়নছ ট্ৰফীৰ বাবে সময়মতে উপস্থিত হ’ব নোৱাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















