চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতীয় দললৈ বেয়া খবৰ, আঘাতপ্ৰাপ্ত এইগৰাকী সুদক্ষ খেলুৱৈ
১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব। পাছে এই খেলৰ পূৰ্বে সমস্যা বৃদ্ধি পাইছে ভাৰতীয় দলৰ। এগৰাকী সুদক্ষ খেলুৱৈ আঘাতপ্ৰাপ্ত ।
আজি দেওবাৰে ডুবাইৰ আই চি চি একাডেমীত অনুশীলন কৰি থকা অৱস্থাত বাওঁ আঁঠুত আঘাত পায় উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে।
হাৰ্দিক পাণ্ডিয়াই বেটিং কৰি থকা অনুশীলনৰ সময়ত নেটৰ ঠিক কাষতে থিয় হৈ আছিল ঋষভ পন্ত। সেই সময়তে হাৰ্ডিকৰ এটা শ্বট গৈ ঋষভৰ আঁঠুত খুন্দা মাৰে। যাৰ ফলত বিষত লগে লগে বাগৰি পৰে ঋষভ।
https://x.com/Sahil_Malhotra1/status/1891078523256717562
ততাতৈয়াকৈ চিকিৎসা দলৰ দ্বাৰা চিকিৎসা কৰা হয়। প্ৰাথমিক চিকিৎসাাৰ লগতে বৰফৰ পেকেট লগাই দিয়া হয় পন্টৰ আঁঠুত। উল্লেখ্য যে, কেইবছৰমান পূৰ্বে ভয়ংকৰ বাহন দুৰ্ঘটনাত আঁঠুত গুৰুতৰভাৱে আঘাত পাইছিল ঋষভে। এতিয়া সকলোৰে এটাই কামনা, আঘাত যাতে গুৰুতৰ নহয়, সোনকালে সুস্থ হৈ উঠক খেলুৱৈগৰাকী।
চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে নিৰ্বাচিত ভাৰতীয় দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল (উপ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ শ্বামী, অৰ্শদ্বীপ সিং, ৰবিন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী।
ৰিজাৰ্ভ- য়শস্বী জয়শৱাল, মহম্মদ চিৰাজ, শিৱম ডুবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ