চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব’নে
চেম্পিয়নছ ট্ৰফিৰ বাবে উত্তেজনাপূৰ্ণ হৈ পৰিছে ভাৰত-পাকিস্তানৰ খেল। চেম্পিয়নছ ট্ৰফি পাকিস্তানে আয়োজন কৰাৰ কথা, যাৰ বাবে ভাৰতে পাকিস্তানত গৈ নেখেলে বুলি উঠাই দিছিল। খেলুৱৈৰ সুৰক্ষাৰ বাবে এই সিদ্ধান্ত লৈছিল ভাৰতীয় খেলুৱৈসকলে। তাৰ মাজতে আহিছে বিশেষ সিদ্ধান্ত।
বিচিচিআইয়ে আইচিচিক জনাইছে যে টিম ইণ্ডিয়া কোনো কাৰণতে পাকিস্তানলৈ নাযায়। তথাপিও পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পিচিবি) পাকিস্তানত চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ সিদ্ধান্তত অটল। যদিও বিচিচিআইয়ে হাইব্ৰিড মডেল আগবঢ়াইছে, কিন্তু পাকিস্তান বৰ্তমানলৈ ইয়াৰ বাবে সাজু হোৱা নাই।
পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি পাকিস্তান ক্ৰিকেট বৰ্ডে আইচিচিক স্পষ্টকৈ ক’ব যে ভৱিষ্যতে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীকে ধৰি কোনো আইচিচি খেলৰ বাবে ভাৰত আৰু পাকিস্তানক একেটা গ্ৰুপত স্থান দিয়া উচিত নহয়। ভাৰতে পাকিস্তান ভ্ৰমণ কৰিবলৈ সন্মতি নিদিয়ালৈকে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে খেলিব নিবিচাৰে।
ইয়াৰ পূৰ্বে খবৰ আহিছিল যে পিচিবিয়ে আইচিচিলৈ এখন পত্ৰ লিখিছে, য’ত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে টিম ইণ্ডিয়াই প্ৰতিযোগিতাখনত খেলক বা নেখেলক, পাকিস্তানে কোনো কাৰণতে চেম্পিয়নছ ট্ৰফী আয়োজন কৰাৰ সিদ্ধান্ত ত্যাগ নকৰে।
আনহাতে ভাৰতীয় খেলুৱৈৰ সুৰক্ষাৰ বাবে বিচিচিআইয়ে নিজৰ দলটোক পাকিস্তানলৈ পঠোৱাৰ কোনো কাৰণতে মান্তি হোৱা নাই। যাৰ বাবে আই চি চিয়ে এক বিকল্প দিছে। আয়োজক পাকিস্তানেই হৈ থাকক, কেৱল ভাৰতৰ খেল সমুহ পাকিস্তানৰ সলনি ডুবাইত অনুষ্ঠিত কৰক।
কিন্তু এই প্ৰস্তাৱো যদি পাকিস্তানে নাকচ কৰে তেন্তে পাকিস্তানে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ আয়োজকৰ স্থান হেৰুৱাব। এনে পৰিস্থিতিত সমগ্ৰ প্ৰতিযোগিতাখন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’ব। যদি পিচিবিয়ে হাইব্ৰিড মডেল গ্ৰহণ কৰে তেন্তে টিম ইণ্ডিয়াই ডুবাইত নিজৰ মেচ খেলিব। এতিয়া পৰৱৰ্তী সময়তহে দেখা যাব পাকিস্তানে কি সিদ্ধান্ত গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ