আজি বাংলাদেশৰ বিৰুদ্ধে ইতিহাস ৰচাৰ সুযোগ বিৰাটৰ হাতত, পৰিগণিত হ’ব প্ৰথমজন ভাৰতীয় হিচাপে
কালি ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে চেম্পিয়নছ ট্ৰফী। কালি প্ৰথমখন মেচ অনুষ্ঠিত হয় আয়োজক পাকিস্থান আৰু নিউজিলেণ্ডৰ মাজত। প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পৰাজিত হয় চেম্পিয়নছ ট্ৰফী আয়োজক দেশ।
আজি ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতে প্ৰথমখন খেল বাংলাদেশৰ বিৰুদ্ধে খেলিব । ভাৰত-বাংলাদেশৰ এই খেল ডুবাইত অনুষ্ঠিত হ’ব। ২.৩০ বজাৰ পৰা আৰম্ভ হ’ব খেল। টছত জয়ী হৈ বাংলাদেশে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়।
ভাৰতীয় দলটোৱে এই মেচত জয়লাভ কৰি প্ৰতিযোগিতাখনত এক সুন্দৰ আৰম্ভণি কৰিবলৈ প্ৰস্তুতি চলাইছে। একে সময়তে টিম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে এই মেচত ইতিহাস ৰচনা কৰাৰ সুযোগ লাভ কৰিছে।
বাংলাদেশৰ বিৰুদ্ধে বিৰাট কোহলীৰ অভিলেখ উৎকৃষ্ট। বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটত বৰ্তমানলৈ ১৬খন খেল খেলি ৭৫.৮৩ গড়ে ৯১০ ৰান লাভ কৰিছে। এই ৰানত নিহিত আছে পাঁচটা শতক আৰু তিনিটা অৰ্ধশতক।
এনে পৰিস্থিতিত যদি বিৰাট কোহলীয়ে বাংলাদেশৰ বিৰুদ্ধে আজি আৰু ৯০ ৰান কৰে তেন্তে এই দলৰ বিৰুদ্ধে এই ফৰ্মেটত ১০০০ ৰান সংগ্ৰহ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’ব কোহলী। কোহলীৰ পিছত এই তালিকাত আছে ৰোহিত শৰ্মা। বাংলাদেশৰ বিৰুদ্ধে ১৭খন এদিনীয়া ইনিংছত ৭৮৬ ৰান সংগ্ৰহ কৰিছে হিটমেন ৰোহিত।
অৱশ্যে এয়া ভাৰতৰ ক্ষেত্ৰত হে অভিলেখ হ’ব। বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ফৰ্মেটত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ জিম্বাবুৱেৰ প্ৰাক্তন বেটছমেন ব্ৰেণ্ডন টেইলৰৰ নামত। ৫৬খন মেচত ৫৫খন ইনিংছত ১৫০৮ ৰান সংগ্ৰহ কৰিছিল ব্ৰেণ্ডনে।
এই তালিকাত দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন কিংবদন্তি কুমাৰ ছাংগাকাৰা (১২০৬ ৰান)। তৃতীয় স্থানত জিম্বাবুৱেৰ এল্টন চিগুম্বুৰা আৰু চতুৰ্থ স্থানত আছে হেমিল্টন মাছাকাড্জা (১১৮৯)। পঞ্চম স্থানত আছে শ্ৰীলংকাৰ প্ৰাক্তন অ’পেনাৰ সনথ জয়সুৰীয়া (১০৩০)।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















