বৈদিক জ্যোতিষশাস্ত্ৰত চন্দ্ৰক মন, আবেগ, সুখ আৰু মাতৃত্বৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ জ্যোতিষ গণনা অনুসৰি ব’হাগ মাহৰ চন্দ্ৰই ১৯ বাৰ অৱস্থান পৰিবৰ্তন কৰিব৷ বৈদিক জ্যোতিষ অনুসৰি ৯গ্ৰহৰ মাজত চন্দ্ৰই সকলোতকৈ দ্ৰুত স্থান পৰিবৰ্তন কৰে৷ প্ৰতি দুই দিনত ৰাশি পৰিবৰ্তন কৰে চন্দ্ৰই৷ ব’হাগ মাহত চন্দ্ৰই ১৯ বাৰ স্থান সলনি কৰিব৷ চন্দ্ৰৰ এই গোচৰে জাতকৰ মন আৰু মস্তিষ্কৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱ পেলাব৷ বিশেষকৈ প্ৰভাৱিত হ’ব পাঁচ ৰাশিৰ জাতকে৷ লাভৱান হ’ব কেইবাটাও ৰাশিৰ জাতক জাতিকা৷ তেওঁলোক কোন কোন?
মেষ ৰাশি
চন্দ্ৰৰ ঘনে ঘনে কৰা গোচৰৰ ফলত মেষ ৰাশিৰ জাতকৰ সন্মুখত নতুন সুযোগ আহিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হব৷ ৰৈ থকা চৰকাৰী কাম সম্পন্ন হব৷ আয়ৰ নতুন উৎস খুলি যাব৷ পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন হব৷ ভ্ৰমণ কৰিলেও আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ অপ্ৰত্যাশিত স্থানৰ পৰা সুযোগ আহিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে এপ্ৰিল মাহে মানসিক সান্তি আৰু আৰ্থিক শক্তি কঢ়িয়াই আনিব৷ লং টাৰ্ম বিনিয়োগৰ পৰিকল্পনা থাকিলে এই সময়ত লাভৱান হব৷ পুৰণি বন্ধুৰ সৈতে যোগাযোগ স্থাপন হব৷ তেওঁলোকৰ পৰা সহায় পাব৷ যিয়ে উন্নতিৰ পথক সুগম কৰিব৷ চন্দ্ৰৰ শুভ অৱস্থানে জাতকৰ আত্মবিশ্বাস আৰু বঢ়াই দিব৷ ফলত কঠিন প্ৰতিবন্ধকতাও সহজে দূৰ হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে এই গোচৰে সমাজত সন্মান আৰু প্ৰতিপত্তি বঢ়াব৷ চাকৰিয়ালৰ পদোন্নতি বা নতুন দায়িত্ব লাভৰ সুযোগ আহিব৷ সমাজত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় যিকোনো বিবাদৰ অৱসান হব পাৰে৷ ভ্ৰমণ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷ মাতৃৰ সমৰ্থনে আৰ্থিক লাভ কঢ়িয়াই আনিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ জীৱনত এপ্ৰিলত আৰাম আৰু বিলাসিতা বাঢ়িব৷ বিবাহিত জীৱন আৰু সুখৰ হব৷ অংশীদাৰৰ ব্যৱসায় থাকিলে উল্লেখযোগ্য মুনাফা অৰ্জন কৰিব পাৰে৷ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ সৃজনশীল গুণ বিকশিত হব৷ কৰ্মক্ষেত্ৰত অন্যতকৈ পৃথক হৈ উঠিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে এই সময় বিশেষ সৌভাগ্যৰ সময়৷ চন্দ্ৰৰ গতিবিধিয়ে আপোনাৰ হেৰুওৱা ধন পুনৰুদ্ধাৰ কৰাত সহায় কৰিব৷ এই সময়ত শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্য লাভ কৰিব৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ সন্তানৰ পৰা সুসংবাদ পাব পাৰে৷ ঘৰত উৎসৱমুখৰ পৰিবেশ তৈয়াৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















