• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

3 months ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

7 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

8 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

9 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

9 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

10 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

11 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

12 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

12 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

13 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

15 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

editor by editor
April 6, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীক এজন যুৱকে ফুছুলাই লৈ গৈ আৱদ্ধ কৰি ৰাখিছে বুলি এক অভিযোগ তুলি স্বামীয়ে মধ্যপ্ৰদেশ হাইকৰ্টত হেবিয়াছ কৰ্পাছ গোচৰ কৰিছিল৷ গোচৰৰ আবেদনত কোৱা হৈছিল, পত্নীক বিচাৰি আদালতত হাজিৰ কৰোৱা হওক৷ ১৯ বছৰীয়া পত্নীগৰাকীয়ে হাইকৰ্টত হাজিৰ হৈ জনালে যে তেওঁৰ স্বামী তেওঁতকৈ ২১ বছৰ ডাঙৰ৷ ইয়াৰোপৰি স্বামীৰ তেওঁৰ প্ৰতি ব্যৱহাৰো অতিপাত বেয়া৷ লগতে মহিলাগৰাকীৰ অভিযোগ যে তেওঁৰ পিতৃ মাতৃয়েও এই বিষয়ে একো নামাতে বা তেওঁৰ ভাল বিচৰা নাই৷

তেতিয়াই মধ্যপ্ৰদেশৰ গোৱালিয়ৰ বেঞ্চৰ ন্যায়াধীশ আনন্দ পাঠক আৰু ন্যায়াধীশ পুষ্পেন্দ্ৰ যাদৱে প্ৰশ্ন কৰে যে তেওঁ কাৰ সৈতে থাকিব খোজে? তেতিয়াই মহিলাগৰাকীয়ে কয় যে, যাৰ বিৰুদ্ধে তেওঁক আৱদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছে সেই ব্যক্তিৰ সৈতেই তেওঁ থাকিব খোজে৷

স্বামী, পিতৃ-মাতৃ আৰু অভিযুক্ত যুৱকৰ উপস্থিতিতে মহিলাগৰাকীয়ে দাবী কৰে যে যুৱকে তেওঁক অবাধ স্বাধীনতা দিছে৷ সেই কাৰণেই তেওঁৰ পুৰণি স্বামীৰ কাষলৈ ওভতি যোৱাৰ মন নাই৷ চৰকাৰী অধিবক্তা আৰু সেই মহিলাৰ কাউন্সেল অঞ্জলি জ্ঞানানিয়ে হাইকৰ্টৰ ডিভিজন বেঞ্চত জনাই যে মহিলাগৰাকীয়ে স্বামীৰ সৈতে কোনো ধৰণৰ আপোচ কৰিব খোজা নাই৷ তেওঁ বিবাহ বিচ্ছেদ বিচাৰিছে৷ অভিযুক্ত যুৱকৰ সৈতেই তেওঁ থাকিব খোজে৷ মহিলাগৰাকীয়ে এই কথাই কোৱা বুলিও জনাইছে অধিবক্তাই৷

ন্যায়াধীশে অভিযুক্ত যুৱকৰ সৈতেও একান্তই পৃথককৈ কথা পাতে৷ সূত্ৰৰ খবৰ যে সেই যুৱকে ন্যায়াধীশক জনাইছে যে মহিলাগৰাকীৰ প্ৰতি তেওঁৰ সমবেদনা আছে৷ তেওঁক সেয়ে কোনো কামতে যুৱকে বাধা দিব নোখোজে৷ মহিলাৰ স্বাধীনতাত তেঁও হস্তক্ষেপ কৰিব নোখোজে৷ মহিলাগৰাকীৰ বিবাহবিচ্ছেদ হৈ গ’লে যুৱকে সেই মহিলাক বিয়া কৰাবলৈকো ৰাজী বুলিও জনায়৷

সকলো পক্ষৰ বক্তব্য শুনি ডিভিজন বেঞ্চে জনাই দিয়ে যে হেবিয়াছ কৰ্পাছ গোচৰৰ কোনো যৌক্তিকতা নাই৷ কাৰণ মহিলা এডাল্ট বা প্ৰাপ্তবয়স্ক৷ তেওঁ নিজৰ সিদ্ধান্ত লৈছে৷ স্বামী অবিহনে যাৰ সৈতে তেওঁ থাকিব খোজে তেওঁৰ সৈতে থাকিব পাৰে৷ কিন্তু তাৰ পূৰ্বে মহিলাগৰাকী ছমাহ মধ্যপ্ৰদেশ চৰকাৰৰ শৌৰ্য দিদি প্ৰকল্পৰ আওঁতাত থাকিব৷

শৌৰ্য দিদি প্ৰকল্প হৈছে ২০২৪ চনত মধ্যপ্ৰদেশ চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্প৷ মূলত যৌন নিৰ্যাতনৰ চিকাৰ কোনো মহিলা বা নাবালিকাৰ চোৱাচিতা, কাউন্সেলিং আৰু যত্ন লোৱা হয়৷ ইয়াৰ ম্যাদ প্ৰায় ছমাহ৷ ছমাহৰ বাবে আইনজীৱী অঞ্জলী আৰু ভাৱনা নামৰ আৰক্ষীয়ে শৌৰ্য দিদি প্ৰকল্পৰ আওঁতাত থাকোতে মহিলাগৰাকীক চোৱাচিতাৰ দায়িত্বত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
Next Post
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.