বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ সুখ, বিলাসিতা আৰু প্ৰেমৰ প্ৰতীক৷ আজি বুধবাৰ ২৭ মেৰ সন্ধিয়া ৬.৫৯ মিনিটত মন আৰু আৱেগৰ কাৰক গ্ৰহ চন্দ্ৰই সেই ৰাশিতেই প্ৰৱেশ কৰিব৷ ৩০ মে পৰ্যন্ত সেই স্থানতেই থাকিব৷ যাৰ ফলত মূলত চাৰি ৰাশিৰ জাতকে বিশেষভাৱে লাভৱান হ’ব৷ কাৰ কাৰ ভাগ্য খুলিব?
কৰ্কট ৰাশি
তুলা ৰাশিত চন্দ্ৰৰ প্ৰৱেশে কৰ্কট ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ পৰিয়ালৰ মাজত থকা দীৰ্ঘদিনৰ কোনো তিক্ততা, কাজিয়া বা অশান্তি শেষ হ’ব পাৰে৷ স্থাৱৰ সম্পত্তি বাঢ়িব পাৰে আৰু সেই সংক্ৰান্তিয় কোনো কাম কৰিলে লাভৱান হ’ব পাৰে৷ জাতকৰ মাতৃৰ সৈতে সম্পৰ্ক আৰু গভীৰ হ’ব৷ আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ খৰচ বাঢ়িব পাৰে৷ সেই বিষয়ে সতৰ্ক থাকিব লাগিব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকৰ বাবে তুলা ৰাশিত চন্দ্ৰৰ গোচৰে বিশেষ শুভ ফল আনিব৷ সুখ, সমৃদ্ধি আৰু আয় বৃদ্ধি পাব৷ ফলত মানসিক শান্তিও বৰ্তি থাকিব৷ পৈতৃক সম্পত্তিৰ পৰা বিশেষ লাভৰ সম্ভাৱনা আছে৷ নতুন কাৰোবাৰ সৈতে আলাপ কৰিলে উল্লেখযোগ্য সুবিধা পাব৷ অদূৰ ভৱিষ্যতে কোনো বিষয়ত আপোনাৰ পৰিয়ালৰ সমৰ্থনৰ প্ৰয়োজন হ’ব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ গোচৰ বিশেষভাৱে শুভ প্ৰমাণিত হ’ব৷ কৰ্মক্ষেত্ৰত কাম আৰু সহজ হ’ব পাৰে৷ ৰৈ থকা ধন উভতাই পাব পাৰে৷ আপোনাৰ মন শান্ত থাকিব আৰু যিকোনো ডাঙৰ দুশ্চিন্তাৰ সমাধান হ’ব? জাতকৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ বিবাহিত দম্পতিৰ ক্ষেত্ৰত সম্পৰ্ক আৰু গভীৰ হ’ব৷ যিয়ে তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তোলাত সহায় কৰিব৷
মীন ৰাশি
চন্দ্ৰৰ গোচৰত মীন ৰাশিৰ বাবে লাভৰ দ্বাৰ খুলি যাব৷ কৰ্মজীৱনত উন্নতিৰ নতুন সুযোগ পাব পাৰে৷ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে গুৰুত্বপূৰ্ণ চুক্তি ফাইনেল হ’ব পাৰে৷ পুৰণি সম্পৰ্কৰ উন্নতি ঘটিব৷ ব্যৱসায়ৰ কাৰণে দীৰ্ঘ ভ্ৰমণলৈ যাব পাৰে৷ নিজৰ কামত বন্ধু আৰু পৰিয়ালৰ সমৰ্থন পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















