চাৰধাম যাত্ৰাৰ বাবে কৰি থকা অপেক্ষা শেষ হৈছে তীৰ্থযাত্ৰীসকলৰ৷ ছমাহ বন্ধ থকাৰ পাছত আকৌ খুলিবলৈ সাজু কৰা হৈছে উত্তৰাখণ্ডৰ চাৰধামৰ দুৱাৰ৷ এই চাৰি ধামৰ চাৰিটা মন্দিৰ হৈছে কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনাত্ৰী৷ হিন্দুধৰ্মত চাৰধাম যাত্ৰাৰ বিশেষ গুৰুত্ব আছে৷ প্ৰতি বছৰে লাখ লাখ পূণ্যৰ্থীয়ে চাৰিধাম যাত্ৰা কৰে৷ জানি থওক এই বছৰ কেতিয়া চাৰধাম যাত্ৰা আৰম্ভ হ’ব?
কেতিয়া খুলিব কেদাৰনাথ আৰু বদ্ৰীনাথৰ দুৱাৰ?
বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ কমিটিয়ে জনাইছে যে ১৯ এপ্ৰিল অক্ষয় তৃতীয়াত খুলিব গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰৰ দুৱাৰ৷ ইয়াৰপাছতেই ২২ এপ্ৰিলত খুলিব কেদাৰনাথ মন্দিৰৰ দুৱাৰ আৰু ইয়াৰ পাছত দিনটোত অৰ্থাৎ ২৩ এপ্ৰিলত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ খোলা হব৷ শীতকালত তুষাৰপাতৰ কাৰণে হিমালয়ৰ গাড়োৱাল এলেকা বৰফেৰে ঢাক খাই থাকে৷ সেই কাৰণে বছৰৰ ছমাহ বন্ধ থাকে চাৰধাম যাত্ৰা৷ ভাইফোঁটাৰ পাছতে চাৰধাম বন্ধ হয় আৰু খোলা হয় অক্ষয় তৃতীয়াত৷
কেদাৰনাথৰ মাহাত্ম্য
উত্তৰ ভাৰতৰ অন্যতম প্ৰধান তীৰ্থক্ষেত্ৰ হৈছে কেদাৰনাথ মন্দিৰ৷ মন্দাকিনী নদীৰ ধাৰত সমুদ্ৰপৃষ্ঠৰ পৰা ৩৫৮৪ মিটাৰ উচ্চতাত অৱস্থিত কেদাৰনাথ মন্দিৰ৷ ইয়াৰ আদি নাম কেদাৰখণ্ড৷ উত্তৰাখণ্ডৰ চাৰধামৰ অন্তৰ্গত কেদাৰনাথ পঞ্চকেদাৰৰ অন্যতম৷ ই মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম৷ কেদাৰধাম দৰ্শন কৰিলে জন্ম-মৃত্যুৰ চক্ৰাকাৰ শৃঙ্খলাৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷
কেদাৰনাথ ধামৰ উল্লেখ আছে মহাভাৰততো৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ পাছত আত্মীয় বধৰ পাপৰ পৰা মুক্তি পাবলৈ মহাদেৱৰ আশীৰ্বাদ লাভ কৰিবলৈ কেদাৰনাথলৈ আহে পঞ্চপাণ্ডৱ৷ প্ৰচলিত বিশ্বাস অনুসৰি পাণ্ডৱ ভাতৃসকলেই কেদাৰনাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল৷
বদ্ৰীনাথ মন্দিৰৰ মাহাত্ম্য
শ্ৰীবিষ্ণুৰ ১০৮ টা পূণ্যক্ষেত্ৰৰ অন্যতম বদ্ৰীনাথ ধাম৷ বিষ্ণুভক্তসকলৰ ওচৰত এই তীৰ্থক্ষেত্ৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ বিষ্ণুৰ চাৰধামৰ অন্যতম বদ্ৰীনাথ৷ দেশৰ চাৰিওফালে বিষ্ণুৰ চাৰধাম হৈছে উত্তৰে বদ্ৰীনাথ, দক্ষিণে ৰামেশ্বৰম, পূবে জগন্নাথ আৰু পশ্চিমে দ্বাৰকা৷ পঞ্চবদ্ৰীৰ অন্যতম বদ্ৰীনাথ মন্দিৰ৷
বদ্ৰীনাথৰ মাহাত্ম্য
বদ্ৰীনাথ ধামত শ্ৰীবিষ্ণুৱে বদ্ৰীনাৰায়ণ ৰূপে বিৰাজ কৰে৷ স্কন্দ পুৰাণত বদ্ৰীনাথ ধাম বদ্ৰীকাশ্ৰম নামে উল্লেখিত৷ প্ৰচলিত বিশ্বাস, ইয়াত নৰনাৰায়ণ ৰূপ লৈ ধ্যান কৰিছিল স্বয়ং বিষ্ণুৱে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক এক বদ্ৰী গছৰ তলত আশ্ৰয় দিয়ে মা লক্ষ্মীয়ে৷ অষ্টম শতকত এই মন্দিৰৰ পুনঃপ্ৰতিষ্ঠা কৰে আদি শঙ্কৰাচাৰ্যই৷ বদ্ৰীনাথ ধাম দৰ্শন কৰিলে সকলো পাপৰ পৰা মুক্তি পোৱা যায় বুলি প্ৰচলিত বিশ্বাস৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















