মিথুন ৰাশিত বৰ্তমান অৱস্থান কৰিছে সূৰ্য, বুধ আৰু বৃহস্পতি৷ ইয়াৰ ফলত মিথুন ৰাশিত গঠিত হৈছে ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি আকৌ ২৬ জুনত মিথুন ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই৷ অৰ্থাৎ এক ঘৰত থাকিব সূৰ্য, বুধ, বৃহস্পতি আৰু চন্দ্ৰ৷ ইয়াৰ ফলত গঠিত হব চতুৰ্গ্ৰহী যোগ৷ এই শুভ যোগত লাভজনক ফল পাব এই পাঁচ ৰাশিৰ জাতকৰ৷ আগন্তুক ২৭ জুনত পালিত হব ৰথযাত্ৰা৷ তাৰ ঠিক পূৰ্বেই চতুৰ্গ্ৰহী যোগে কোন কোন ৰাশিৰ ভাগ্য খুলিব?
বৃষ ৰাশি
চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক কাষত পাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জনপ্ৰিয়তা কেইবাগুণো বাঢ়িব৷ আপোনাৰ কথা সকলোৱে গুৰুত্বসহকাৰে লব৷ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ আৰ্থিকভাৱে উন্নতি কৰাৰ সম্ভাৱনা আছে৷ সংসাৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷ শহুৰৰ ঘৰৰ পৰাও বিশেষ লাভৱান হব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে চতুৰ্গ্ৰহী যোগত বাম্পাৰ লাভ আহিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিয়ে বৃহৎ সাফল্য পাব পাৰে৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ সন্তান লাভ কৰিবলৈ ইচ্ছুক দম্পতিয়ে শীঘ্ৰেই সুখবৰ পাব৷ সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব৷ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷
সিংহ ৰাশি
২৬ জুনৰ পৰা চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত ভাল আৰ্থিক উন্নতি হব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনৰ আৰ্থিক সমস্যা এই সময়ত দূৰ হব৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ পঢ়াশুনা, প্ৰেম আৰু বিবাহৰ বাবে এই সময় অনুকূল৷ ফচি থকা ধন উদ্ধাৰ কৰিব পাৰিব৷ সম্পত্তি সংক্ৰান্তিয় গোচৰত ৰায় আপোনাৰ পক্ষে আহিব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত আপুনি তীৰ্থযাত্ৰালৈ যাব পাৰে বা কোনো ধৰ্মীয় অনুষ্ঠানত অংশ লব পাৰে৷ আপুনি পৰিশ্ৰম কৰিলে তাৰ ফল নিশ্চয় পাব৷ ভায়েক ভনীয়েকৰ সাহায্যই আপোনাৰ উন্নতিত সহায় কৰিব৷ কেৰিয়াৰ সংক্ৰান্তিয় ডাঙৰ সিদ্ধান্ত ললে আপোনাৰ বাবে লাভজনক হব৷
কুম্ভ ৰাশি
চতুৰ্গ্ৰহী যোগৰ প্ৰভাৱত আৰ্থিক উন্নতি আৰু কেৰিয়াৰত বৃহৎ সাফল্য লাভৰ সম্ভাৱনা আছে কুম্ভ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ আয় বাঢ়িব৷ কেৰিয়াৰ সংক্ৰান্তিয় পৰিকল্পনাত সফল হব৷ উন্নতিৰ নতুন সুযোগে আপোনাৰ দুৱাৰত টুকুৰিয়াব৷ এই সময়ত জীৱনলৈ স্থিতিশীলতা আহিব৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ