নিৰাপদে অৱসৰ জীৱনত উপভোগ কৰাৰ বাবে প্ৰায় সকলোৱেই বিনিয়োগ কৰে৷ চাকৰিয়ালে চাকৰি জীৱন আৰম্ভ কৰাৰ লগে লগেই ভৱিষ্যতৰ কথা ভাৱি বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ এনে বহুলোকেই আছে যিসকলে বিনিয়োগ কৰাৰ বাবে নিৰাপদ মাধ্যম বিচাৰি ফুৰে৷ ফলত সকলোতকৈ নিৰাপদ বুলি পোষ্ট অফিচকেই গণ্য কৰে৷ কাৰণ কেন্দ্ৰীয় চৰকাৰৰ আওঁতাত আছে পোষ্ট অফিচ৷ পোষ্ট অফিচৰ সকলো কাম পোনপটিয়াকৈ নিয়ন্ত্ৰণ কৰে চৰকাৰে৷ সেই কাৰণেই পোষ্ট অফিচত বিনিয়োগকাৰীয়ে জমা কৰা টকা সম্পূৰ্ণৰূপে নিৰাপদে থাকে৷
বিনিয়োগকাৰীৰ মাজত জনপ্ৰিয় পোষ্ট অফিচৰ বিভিন্ন স্কিম৷ তাৰমাজতেই এক দুৰ্দান্ত স্কিমৰ বিষয়ে জানি থওক৷ পোষ্ট অফিচ পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত নিজৰ পত্নীৰ সৈতে এটা একাউণ্ট খুলিব পাৰে৷ ইয়াৰে আকৰ্ষণীয় বিষয়টো হৈছে এইক্ষেত্ৰত দ্বিগুণ সুবিধা পাব পাৰে বিনিয়োগকাৰীয়ে৷ এই একাউণ্টত বিনিয়োগকাৰীয়ে ১.৫ লাখ টকা পৰ্যন্ত জমা কৰিব পাৰে৷ ইয়াত দ্বিগুণ সুদ প্ৰদান কৰে পোষ্ট অফিচে৷
একে সময়তে এই একাউণ্টত বিনিয়োগকাৰীয়ে এক অৰ্থবৰ্ষত স্ত্ৰীৰ নামত ১.৫লাখ টকাও জমা কৰিব পাৰে৷ দুই একাউণ্টৰ পৰাই তেতিয়া সুদ লাভ কৰিব আপুনি৷ পোষ্ট অফিচৰ টাইম ডিপজিটত বিনিয়োগকাৰীয়ে কি কি সুবিধা লাভ কৰে? চলিত বছৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আৰ বি আইয়ে এইবছৰ ৰেপো ৰেট মুঠ ০.৫০শতাংশ কমাই দিছে৷ আৰু এয়া দ্বিতীয়বাৰৰ বাবে কমোৱা হৈছে৷ আৰ বি আইয়ে প্ৰথমে ফেব্ৰুৱাৰী মাহত ৰেপো ৰেট ০.২৫শতাংশ আৰু তাৰপিছতেই এপ্ৰিল মাহত আকৌ ০.২৫শতাংশ কমাই দিছে৷ তাৰপিছতেই এতিয়া ৰেপো ৰেট ৬.৫০শতাংশৰ পৰা কমাই ৬.০০শতাংশ কৰা হৈছে৷
আৰ বি আইৰ ৰেপো ৰেট কমোৱাৰ পাছত সমস্ত বেংকৰ এফ ডিত সুদৰ হাৰ কমিছে৷ কিন্তু পোষ্ট অফিচে এতিয়াও পূৰ্বৰ দৰেই গ্ৰাহকক বাম্পাৰ সুদ দিছে৷ পোষ্ট অফিচত এতিয়াও পূৰ্বৰ দৰেই গ্ৰাহকক অফাৰ দিয়া হৈছে৷ প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰে প্ৰতি ৩ মাহৰ অন্তৰে অন্তৰে বেংক আৰু পোষ্ট অফিচৰ স্মল ছেভিংছ স্কিমৰ সুদৰ হাৰ পৰিবৰ্তন হৈ থাকে৷ জানি থওক কোনোৱে যদি নিজৰ পত্নীৰ নামত পোষ্ট অফিচত ২ বছৰৰ বাবে এফ ডি কৰি ২ লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিত কিমান টকা লাভ কৰিব৷
পোষ্ট অফিচে ১ বছৰৰ টি ডিত ৬.৯০শতাংশ আৰু ২ বছৰৰ টি ডিত ৭.০০ শতাংশ আৰু ৩ বছৰৰ টি ডিত ৭.১শতাংশ আৰু ৫ বছৰৰ টিডিত ৭.৫শতাংশ সুদ দিছে৷ পোষ্ট অফিচে তেওঁলোকৰ গ্ৰাহকক সমান সুদেই প্ৰদান কৰে৷ বিনিয়োগকাৰীৰ পত্নীৰ নামত যদি পোষ্ট অফিচত ২ বছৰৰ বাবে ২ লাখ টকা টিডি স্কিমত ৰখা হয় তেতিয়া ম্যাদৰ শেষত ব্যক্তিজনৰ পত্নীৰ একাউণ্টত জমা হব মুঠ ২২৯৭৭৬ টকা৷ জমা কৰা ২ লাখৰ ওপৰিও ২৯৭৭৬ টকা সুদ আপুনি লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ