বিশ্বজুৰি এতিয়া ডায়বেটিছ বাঢ়ি অহা ৰোগ৷ ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ দীৰ্ঘদিন ধৰি ডায়বেটিছ নিয়ন্ত্ৰণত নাথাকিলে নানান জটিল ৰোগৰ আশংকা বাঢ়ি থাকে৷ সেয়ে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত ৰখা জৰুৰী৷ টাইপ-২ ডায়বেটিছ ঔষধৰ সৈতে প্ৰয়োজনত জীৱনযাপনত পৰিবৰ্তন, নিয়মিত শৰীৰচৰ্চা, স্বাস্থ্যকৰ ডায়েট৷ আধুনিক গৱেষণাত দাবী কৰা হৈছে যে এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱত শৰীৰত ইনছুলিনৰ কামত প্ৰভাৱ পৰে, যি ডায়বেটিছৰ আশংকা বঢ়াই দিয়ে৷
শৰীৰ সুস্থ ৰাখিবলৈ অন্যতম প্ৰয়োজনীয় উপাদান হৈছে ভিটামিন ডি৷ এই ভিটামিনে কেৱল হাড়ৰ স্বাস্থ্য ঠিকে নাৰাখে, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাক নিয়ন্ত্ৰণ কৰে৷ ইয়াৰোপৰি শৰীৰত ইনছুলিন উৎপাদন আৰু ইয়াৰ প্ৰভাৱ বঢ়োৱাত সহায় কৰে৷ শৰীৰত ভিটামিন ডিৰ ঘাটি হলে ইনছুলিনে ঠিকমতে কাম নকৰে আৰু ৰক্ত শৰ্কৰাৰ মাত্ৰা বঢ়াবলৈ আৰম্ভ কৰে৷ যাৰ কাৰণে টাইপ ২ ডায়বেটিছৰ আশংকা বাঢ়ি যায়৷ ভিটামিন ডিৰ সৈতে ডায়বেটিছৰ এক যোগসূত্ৰ বহু দিন পূৰ্বেই বিচাৰি পাইছে গৱেষকে৷
ভিটামিন ডিৰ সমৃদ্ধ উৎস হৈছে সূৰ্যলোক৷ ইয়াৰোপৰি বেছ কিছু খাদ্যৰ পৰাও এই ভিটামিন পোৱা যায়৷ ভিটামিন ডি যিয়ে তেজৰ গ্লুকজৰ মাত্ৰা কমাব পাৰে যি বহুতেই নাজানে৷ বিশেষকৈ যিসকলে ইতিমধ্যে প্ৰি ডায়বেটিছত আক্ৰান্তসকলৰ বাবে ভিটামিন ডি অত্যন্ত গুৰুত্বপূৰ্ণ৷
কেনেকৈ বুজিব ভিটামিন ডিৰ ঘাটি?
ভিটামিন ডিয়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ এই ভিটামিনৰ অভাৱ হলে আঁঠু, কঁকালসহ জয়েণ্টৰ বিষো হব পাৰে৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব, বিভিন্ন সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাত ডাঙৰ ভূমিকা পালন কৰে ভিটামিন ডিয়ে৷ ঘনে ঘনে ভাইৰেল জ্বৰ, চৰ্দি কাঁহত ভূগিলে শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে৷ হাত, ভৰি ঝিনঝিন কৰাও ভিটামিন ডিৰ ঘাটিৰ কাৰণ হব পাৰে৷ ভিটামিন ডিৰ অভাৱত চুলি আৰু ছালৰো ক্ষতি হব পাৰে৷ অতিৰিক্ত চুলি সৰা, ছাল ৰুক্ষ হোৱা লক্ষণসমূহে দেখা দিলে অনতিপলমে ভিটামিন ডিৰ পৰীক্ষা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ