বৈদিক জ্যোতিষমতে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত কিছু গ্ৰহই গোচৰ কৰি শুভ আৰু অদ্ভুত সংযোগ তৈয়াৰ কৰিব৷ যাৰ প্ৰতিফলন দেখা যাব মানৱজীৱনত৷ কেৱল সেয়াই নহয় পৃথিৱীতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব৷ প্ৰকৃততে জ্যোতিষগণনা অনুসৰি কুম্ভ ৰাশিত সূৰ্য, বুধ, মঙ্গল আৰু শুক্ৰই একেলগে অৱস্থান কৰিব৷ যাৰ ফলত তৈয়াৰ হ’ব শক্তিশালী চতুৰ্গ্ৰহীযোগ৷ আৰু এই যোগৰ কাৰণে কিছু ৰাশিৰ জীৱনলৈ ভাল সময় আহিব৷ নতুন চাকৰি লাভ কৰিব পাৰে এই সময়ত৷ ইয়াৰোপৰি আয় বৃদ্ধি পাব৷ আৰু সময় নষ্ট নকৰি সেই সকলো লাকী ৰাশি সম্পৰ্কে জানি থওক সবিশেষ৷
কুম্ভ ৰাশি
এই যোগৰ প্ৰভাৱত শুভ সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি সলনি হ’ব৷ মান সন্মান আৰু প্ৰতিষ্ঠা বাঢ়িব এই সময়ত৷ আপোনাৰ দীৰ্ঘদিনৰ প্ৰচেষ্টাই এইবাৰ ভাল ফল পাব৷ কামৰ স্থানত উন্নতি হব৷ কেৱল সেয়াই নহয় এই সময়ত নতুন কিছু কথা শিকিব পাৰিব৷ পাব পাৰে নতুন চাকৰিও৷ এই সময়ত বিবাহিত মানুহৰ জীৱন ভালকৈয়ে পাৰ হ’ব৷
মিথুন ৰাশি
চতুৰ্গ্ৰহী যোগৰ বাবে ভাল সময় কটাব মিথুন ৰাশিয়ে৷ এই সময়ত কোনো ধৰ্মীয় কামত অংশ ল’ব পাৰে৷ কেৱল সেয়াই নহয় কামত আৰু আগুৱাই যাব৷ এই সময় সৰু সৰু বিনিয়োগৰ বাবে শুভ৷ ভাল লাভ পাব পাৰে৷ আপোনাৰ বহু দিনৰ পৰিকল্পনা এই সময়ত বাস্তবায়িত হব৷ ইয়াৰোপৰি প্ৰতিযোগিতামূলক পৰীক্ষাতো আগুৱাই যাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জীৱনলৈ ভাল সময় কঢ়িয়াই আনিব চতুৰ্গ্ৰহী যোগে৷ এই সময়ত আপুনি সুখৰ সন্ধান কৰিব পাৰে৷ ইয়াৰোপৰি বাঢ়িব সম্পত্তি৷ যিসকলে ৰিয়েল এষ্টেটৰ বাবে কাম কৰি আছে তেওঁলোকৰ বাবেও এই সময় শুভ৷ যিসকলে বহু দিন কৰি কাম কৰি আছে তেওঁলোকে সাফল্য লাভ কৰিব৷ আত্মবিশ্বাস বাঢ়িব৷ জীৱনলৈ সুখময় আহিব৷ বিবাহিত জীৱনো মসৃণ গতিত আগুৱাব৷ চিন্তাৰ কোনো কাৰণ নাই৷ ভাল সময় চলি আছে বৃশ্চিকৰ জাতকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















