তেওঁ দক্ষিণী তাৰকা৷ কিন্তু কে জি এফ ছবিত অভিনয় কৰি তেওঁ সমগ্ৰ দেশতে পৰিচিত৷ কেজিএফ ছবিৰ প্ৰতিটো ভাগেই বক্সঅফিচত খুবেই হিট৷ ২০২৬ চনত তেওঁৰ হাতলৈ আহিছে দুখনকৈ বিগ বাগেটৰ ছবি৷ এখন হৈছে নীতেশ তিৱাৰীৰ ছবি ৰামায়ণ৷ এই ছবিত তেওঁক দেখা যাব ৰাৱণৰ চৰিত্ৰত৷ ইয়াৰ সৈতে বহু চৰ্চিত ছবি টক্সিকতো দেখা যাব যশক৷
কান্নাড়া ছবিজগতৰ অন্যতম নাম হৈছে যশ৷ বিনোদনজগতত এই নামেৰে পৰিচিত হলেও তেওঁৰ প্ৰকৃত নাম নবীনকুমাৰ গৌড়া৷ বলীউডৰ তাৰকাসকলৰ সৈতেও তেওঁৰ নাম একেশাৰীত৷ সেই যশেই ৪০ বছৰ পূৰ্ব কৰি ৪১ বছৰত ভৰি দিছে আজি৷ ৪০ বছৰ বয়সতে একাধিক হিট ছবি আছে তেওঁৰ৷ বহুতেই জানিব খোজে ইমান হিট ছবি উপহাৰ দিয়া যশ কিমান সম্পত্তিৰ মালিক?
খবৰ অনুসৰি যশ প্ৰায় ৫৩ কোটি টকা সম্পত্তিৰ মালিক৷ অভিনেতাৰ মাহিলী আয় ৫৫-৬০লাখ টকা৷ অৰ্থাৎ বাৰ্ষিক আয় ৭-৮ কোটি টকা৷ প্ৰতিখন ছবিতেই তেওঁ মোটা পাৰিশ্ৰমিক লয়৷ প্ৰতিখন ছবিৰ বাবেই ২০-২৫ কোটি টকা পাৰিশ্ৰমিক লয় যশে৷
বিলাসবহুল জীৱনযাপন কৰিবলৈ ভালপায় যশে৷ বাংগালুৰুত বিলাসী এলেকাত ডুপ্লেক্স ঘৰত থাকে যশ৷ বাহনৰ শাৰীত আছে মাৰ্ছিডিজ বেনজ, অ ডি, বিএমডব্লিউৰ বাহন৷ অভিনয়ৰ ওপৰিও সমাজসেৱাৰ বাবেও পৰিচিত যশ৷ নিজৰ স্বেচ্ছাসেৱী সংস্থাও আছে তেওঁৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















