জানেনে নখৰ পৰা জানিব পাৰি লিভাৰৰ সুস্থতাৰ বিষয়ে, পাছে কিদৰে ?
যকৃত তথা লিভাৰ ভাল নে বেয়া সেয়া আপোনাৰ নখৰ পৰাও জানিব পাৰি। কেৱল সৌন্দৰ্যৰ বাবেই নখ নহয়, ই আপোনাৰ স্বাস্থ্যৰ সুস্থতাৰো প্ৰতীক।
নখে প্ৰকাশ কৰে যকৃতৰ সুস্বাস্থ্য। কিন্তু কিদৰে জানিব কি নখে প্ৰকাশ কৰে যকৃত সুস্থ নে অসুস্থ।
নখ বগা পৰা
যদি আপোনাৰ নখৰ ৰং হালধীয়া বা বগা হ’বলৈ আৰম্ভ কৰে, তেন্তে ই লিভাৰ চিৰ’ছিছৰ লক্ষণ হ’ব পাৰে। এইটো যকৃতৰ এক গুৰুতৰ অৱস্থা, যকৃতৰ কোষবোৰ লাহে লাহে অৱনতি ঘটিবলৈ আৰম্ভ কৰে।
নখ ভাঙিবলৈ ধৰা
ধাৰাবাহিকভাৱে দুৰ্বল নখ, যিবোৰ সহজে ভাঙি যায় বা ফাটি যায়, ই যকৃতৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ ইংগিত দিয়ে।
নখত ক’লা বা বাদামী ৰঙৰ দাগ
নখ ক’লা হোৱা হেপাটাইটিছ বি বা চিৰ লক্ষণ হ’ব পাৰে, যিবোৰ যকৃতৰ সংক্ৰমণৰ সৈতে জড়িত ৰোগ।
হালধীয়া বা বাদামী ৰং
যদি নখ হালধীয়া বা বাদামী হয় তেন্তে ই পিত্ত উৎপাদনত বিঘিনিৰ লক্ষণ হ’ব পাৰে, যিটো যকৃতৰ সৈতে জড়িত।
নখৰ তলত প্ৰদাহ হোৱা
নখৰ তলত ফুলা হ’লে হেপাটাইটিছ হ’ব পাৰে। ইয়াৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী।
সেয়ে এই কেইটা লক্ষমে দেখা দিলে যকৃত সুস্থ কৰি ৰখাৰ বাবে নজৰ দিব। প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু হাইড্ৰেটেড হৈ থাকিব লাগে। জাংক ফুড, ভজা খাদ্য, মদ আদি পৰিহাৰ কৰক। প্ৰতিদিনে সেউজীয়া শাক-পাচলি আৰু ফল-মূল খাবলৈ নাপাহৰিব ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















