অসম লাইভ২৪ঃ প্ৰচলিত ধাৰণা, প্ৰেম আৰু যুদ্ধৰ ৰণনীতিয়ে কাহানিও কোনো নিয়ম নামানে৷ সাধাৰণভাৱে যি নীতিয়ে এখন সমাজক বান্ধি ৰাখে সেই নীতি নিয়ম উলংঘা কৰে প্ৰেমে, সেই নীতি নিয়ম উলংঘা কৰে যুদ্ধই৷ নিয়ম ভঙাৰেই খেল যুদ্ধ আৰু প্ৰেম৷ এই কথাই আকৌ এবাৰ দেখিবলৈ পোৱা গৈছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত৷
ৰাছিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগমতে ইউক্ৰেইনৰ সেনাৰ ওপৰত ৰাসায়নিক গেছ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই বিষয়ে মস্কোক কাঠগৰাত তুলিছে আমেৰিকাই৷ আমেৰিকাৰ অভিযোগ যে ৰাছিয়াই যুদ্ধক্ষেত্ৰত ক্লৰপিকৰিন ব্যৱহাৰ কৰিছে৷ কন্দোৱা গেছ হিচাপে ব্যৱহাৰ কৰা হৈছে নাইট্ৰক্লৰফৰ্মো৷
নাইট্ৰক্লৰফৰ্মক বায়ট কন্ট্ৰল এজেণ্টো কোৱা হয়৷ বিভিন্ন দেশত অবৈধ সমাবেশ আঁতৰাবলৈ এই গেছ ব্যৱহাৰ কৰা হয়৷ এই গেছৰ কাৰণে চকুৰ পৰা অবিৰত পানী পৰা, চকু জ্বলা-পোৰা কৰা, ছালত দাগ হোৱা আদি উপসৰ্গই দেখা দিয়ে৷ অধিক মাত্ৰাত এই গেছ ব্যৱহাৰ কৰিলে হাওঁফাওঁৰো ক্ষতি হ’ব পাৰে৷
ৰাছিয়াৰ বিৰুদ্ধে অভিযোগ, ইউক্ৰেইনৰ সেনাবাহিনীক ছত্ৰভংগ কৰিবলৈকে এই গেছ ব্যৱহাৰ কৰিছে ৰুছ বাহিনীয়ে৷ এই গেছে বিপক্ষ শিৱিৰৰ সেনাক কাবু কৰি যুদ্ধৰ কৌশলগত ক্ষেত্ৰত ৰাছিয়াই আগবাঢ়িবলৈ চেষ্টা চলাইছে৷ আমেৰিকাই এই সন্দৰ্ভত দিয়া বক্তব্যত কয়, যুদ্ধক্ষেত্ৰত সেনাবাহিনীৰ ঘাটিত এই কাম কৰি আছে ৰাছিয়াই৷ খুব কম পৰিসৰৰ মাজত যদি এই গেছ ব্যৱহাৰ কৰা হয় তেন্তে শ্বাসপ্ৰশ্বাসত অসুবিধা হৈ সেনাৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে৷
সাম্ভাৱ্য ক্ষয়ক্ষতি কমাবলৈ সেয়ে সেনাসকলক মাস্ক পৰিধান কৰাৰ পৰামৰ্শ দিছে ইউক্ৰেইনৰ প্ৰতিৰক্ষা দপ্তৰে৷ ৰাছিয়াই অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে উঠা এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে৷ আমেৰিকাই কৰা বিশেষ দাবীক গুৰুত্ব দিছে ইউৰোপৰ ৰাষ্ট্ৰসমূহেও৷ ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰণে ধমকিৰ সুৰেৰে কয়, ‘ৰাছিয়াই যদি গাৰ জোৰ দেখুৱাই তেন্তে ইউক্ৰেইনৰ সহায়ৰ দৰকাৰ হ’লে আমি ফ্ৰান্স বাহিনী তাত নমাই দিম৷’
আমেৰিকাৰ দাবী যুদ্ধত এই ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰি কেমিকেল ৱেপনছ কনভেনশ্ব্যন ৰ চৰ্ত ভংগ কৰিছে ভ্লাডিমিৰ পুটিনৰ দেশে৷ ৰাছিয়াৰ দাবী তেওঁলোকে দীৰ্ঘদিন ধৰি চি-ডব্লিও মানি চলিছে৷ ১৯৩খন দেশে এই চুক্তিত স্বাক্ষৰ কৰি থৈছে৷ এই সকলো দেশেই নিয়ম মানি চলি আছেনে নাই সেয়া চাবৰ বাবেই আছে এটা বিশেষ সংস্থা৷ সেই সংস্থাৰ নাম হৈছে অৰ্গেনাইজেশ্ব্যন ফৰ দ্যা প্ৰহিবিছন অৱ কেমিকেল ৱেপনছ৷ আমেৰিকাই যি ৰাসায়নিকৰ নাম হৈছে সেয়া ক্লৰপিকৰিন৷ প্ৰথম বিশ্বযুদ্ধত সেই কেমিকেল ব্যৱহাৰ হৈছিল৷ এইবিধ এবিধ তৈলাক্ত পদাৰ্থ৷ এই পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে বমি হোৱা আৰম্ভ হয়৷ ইয়াৰোপৰি ডায়েৰিয়া, মূৰ ঘুৰোৱা আদি সমস্যাইয়ো দেখা দিয়ে৷
চি-ডব্লিউচি অনুসৰি যুদ্ধত ক্লৰপিকৰিনৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ৷ ওপিচি-ডব্লিউৰ তালিকাত চেকিং এজেণ্টৰ কথাও উল্লেখ আছে৷ আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে কৰা দাবীমতে, মস্কোৱে নিয়মিতভাৱে এই কেমিকেল ব্যৱহাৰ কৰি আছে৷ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰাক লৈ ৰাছিয়াক সতৰ্ক কৰিছে আমেৰিকাই৷ যুদ্ধ আৰম্ভৰ পাছৰে পৰাই অৰ্থাৎ ২০২২ চনৰ মাৰ্চ মাহৰ পৰাই আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেনে বিশ্ববাসীক জনাই আহিছে এই তথ্য৷ জ’ বাইডেনে স্পষ্টকৈ জনাই আহিছে, ‘ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিলে ৰাছিয়াই কিন্তু ক্ষতিপূৰণ এদিন ভৰিব লাগিব৷ তেওঁলোকে যি কাম কৰিব তাৰ প্ৰতিদানো পাব৷ তেওঁলোকেও কিন্তু ভূগিব লাগিব৷’
ৰাছিয়াৰ ওচৰত থকা ৰাসায়নিক অস্ত্ৰ ভাণ্ডাৰ পৃথিৱীৰ ভিতৰতে অনন্য৷ ২০১৭ চনত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ এজন নেতাৰ ওপৰত ‘ছেলিচবাৰি এটেক’ৰ অভিযোগ উত্থাপিত হৈছিল৷ ২০২০ চনত তৎকালীন ৰুছ বিৰোধী নেতা এলেক্সেই নভালনিৰ ওপৰত নাৰ্ভ এজেণ্ট ব্যৱহাৰৰ অভিযোগো উত্থাপিত হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ