কাইলৈৰ পৰা আৰম্ভ হ’ব ষট মহাপৰ্ব৷ হিন্দু পঞ্জিকা অনুসৰি দীপাৱলিৰ পাছত ষট পুজা কৰা হয়৷ এই মহোৎসৱত সূৰ্য আৰু ষষ্ঠী দেৱীৰ পূজা কৰা হয়৷ চাৰিদিন ধৰি এই পুজা চলিব৷ ষট পূজাৰ নিয়ম অত্যন্ত কঠিন৷ এই পূজা আকৌ সূৰ্য ষষ্ঠী নামেৰেও পৰিচিত৷ এই পূজাত উপবাসে থাকি সূৰ্য আৰু ষষ্ঠী দেৱীৰ আৰাধনা কৰা হয়৷ শেষৰ দুদিন অৰ্থাৎ ষষ্ঠী আৰু সপ্তমীৰ দিনা সূৰ্যক অৰ্ঘ্য দি এই পূজা সম্পন্ন কৰা হয়৷ চলিত বছৰ কেতিয়া ষট পূজা? কোন দিনা অৰ্ঘ্য দিয়াৰ শুভ সময় জানি থওক সবিশেষ৷
ষট পূজাৰ তিথি
৫নৱেম্বৰ মঙলবাৰ ষট পূজাৰ প্ৰথম দিন৷ কাইলৈৰ পৰাই আৰম্ভ হ’ব পূজা৷ তাৰপিছতেই ৬নৱেম্বৰ বুধবাৰ ষট পূজাৰ দ্বিতীয় দিন৷ ষট পূজাৰ তৃতীয় দিনা পানীত ৰৈ উপাসনা কৰাৰ পাছত অস্তগামী সূৰ্যক অৰ্ঘ্য দিয়া হয়৷ ৭ নৱেম্বৰ বৃহস্পতিবাৰে দিয়া হ’ব সান্ধ্য অৰ্ঘ্য৷ ষট পূজাৰ চতুৰ্থ আৰু শেষ দিনা উষা অৰ্ঘ্যৰে এই উৎসৱৰ সমাপ্তি ঘটিব৷ ৮নৱেম্বৰ শুকুৰবাৰে উদিত সূৰ্যক অৰ্ঘ্য দিয়া হ’ব৷
ষট পূজাৰ ধৰ্মীয় মাহাত্ম্য
হিন্দু ধৰ্মত সূৰ্যৰ উপাসনা, সাধনা আৰু অৰ্ঘ্যৰ বিশেষ মাহাত্ম্য আছে৷ সমস্ত দেৱ-দেৱীৰ মাজত সূৰ্যই একমাত্ৰ প্ৰত্যক্ষ দেৱতা৷ শাস্ত্ৰত সূৰ্যক জগতৰ আত্মা বুলি কোৱা হয়৷ সূৰ্যৰ ৰশ্মিয়ে অন্ধকাৰ দূৰ কৰে আৰু সমস্ত জীৱ, জন্তু, উদ্ভিদ আৰু প্ৰাণীক জীৱন দান কৰে৷ জ্যোতিষশাস্ত্ৰতো সূৰ্যৰ বিশেষ মাহাত্ম্য আছে৷ যি জাতকৰ কোষ্ঠীত সূৰ্য উচ্চ আৰু তেজী, গুণী আৰু আত্মবিশ্বাসী হয়৷ এওঁলোকে জীৱনত প্ৰচুৰ মান-সন্মান লাভ কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়৷
অন্যহাতে সূৰ্যৰ ভনীয়েক ষষ্ঠীৰ আৰাধনা কৰাৰো বিশেষ মাহাত্ম্য আছে৷ শাস্ত্ৰমতে ষষ্ঠী হৈছে ব্ৰহ্মাৰ মানস কন্যা, তেওঁ কাত্যায়নীৰ স্বৰূপ৷ সন্তানৰ দীৰ্ঘায়ু, সুস্বাস্থ্য, সুখ সমৃদ্ধিৰ বাবে এই পূজা কৰা হয়৷ ষট পূজা অত্যন্ত কঠিন ব্ৰত৷ এই সময়ত ৩৬ ঘণ্টা উপবাসে থাকি পূজা কৰা হয়৷ এই পূজাৰ প্ৰধান প্ৰসাদ ঠেকুৱা৷ কুলাৰ মাজত ঠেকুৱা, নাৰিকল, ফল, পাচলি সকলো সজাই কোনো নদী বা জলাশয়লৈ লৈ যোৱা হয়৷ যিয়ে ষট পূজাৰ উপবাস কৰে তেওঁলোকে এই পূজা কৰে৷ ষষ্ঠীৰ দিনা সন্ধিয়া পানীৰ মাজত থিয় হৈ সূৰ্যৰ আৰাধনা কৰাৰ পাছত পৰিয়ালৰ সদস্যসকলেও এজনৰ পাছত আনজনে কুলাত থকা গাখীৰৰ অৰ্ঘ্য দিয়ে৷
তাৰপাছতেই উষা অৰ্ঘ্যৰ সময়ত এই নিয়ম পালন কৰা হয়৷ ৩৬ঘণ্টীয়া উপবাস এনেকৈয়ে ভংগ কৰা হয়৷ উল্লেখ্য যে ষট পূজাৰ দ্বিতীয় দিনা লুচি আৰু পায়সৰ ভোগ ৰান্ধি নিবেদন কৰা হয়৷ লুচি আৰু পায়সৰ পৰা আৰম্ভ কৰি পূজাৰ বাবে ঠেকুৱাও দিয়া হয়৷
ৰামায়ণ মহাভাৰততো ষট পূজা
ৰামায়ণত ষট পূজাৰ উল্লেখ পোৱা যায়৷ কথিত আছে সীতায়েও ষট পূজা কৰিছিল৷ ১৪ বছৰ বনবাসৰ পাছত যেতিয়া ৰাম অযোধ্যালৈ উভতি আহিছিল, তেতিয়া ৰাবণ বধৰ পাপৰ পৰা মুক্তিৰ বাবে মুগদল ঋষিয়ে ৰাম আৰু সীতাক তেওঁৰ আশ্ৰমলৈ অহাৰ নিৰ্দেশ দিয়ে৷ ঋষিৰ আজ্ঞামতেই ৰাম আৰু সীতা আশ্ৰমলৈ আহি তাত ষট ব্ৰত পালন কৰে৷ শুক্লপক্ষৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ কৰি ৬দিন ধৰি সীতাই সূৰ্য পূজা কৰে৷
বহুতৰে মতে কৰ্ণই ষট পূজা কৰিছিল৷ কৰ্ণই প্ৰতিদিনে কঁকাললৈকে তিতি সূৰ্যক অৰ্ঘ্য দিছিল৷ সূৰ্যৰ আশীৰ্বাদৰ তেওঁ মহান যুদ্ধা হৈছিল৷ সেয়ে ষট পূজাত সূৰ্যক অৰ্ঘ্য দিয়াৰ প্ৰখা প্ৰচলিত আছে৷ আকৌ একাংশৰ মতে পাশা খেলত পঞ্চপাণ্ডৱ সৰ্বস্ব হেৰুৱাই দ্ৰৌপদীয়ে ষট ব্ৰত পালন কৰিছিল৷ এই ব্ৰত পালনৰ পাছত পাণ্ডৱে ৰাজ্য উভতাই পাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ