• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

4 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

5 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

10 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

11 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

11 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?

editor by editor
November 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ পৰা আৰম্ভ ষট পূজা, কোন দেৱতাৰ পূজা কৰা হয় ষটত? কোনে প্ৰথমে ষট পূজা পালন কৰিছিল?
0
SHARES
609
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈৰ পৰা আৰম্ভ হ’ব ষট মহাপৰ্ব৷ হিন্দু পঞ্জিকা অনুসৰি দীপাৱলিৰ পাছত ষট পুজা কৰা হয়৷ এই মহোৎসৱত সূৰ্য আৰু ষষ্ঠী দেৱীৰ পূজা কৰা হয়৷ চাৰিদিন ধৰি এই পুজা চলিব৷ ষট পূজাৰ নিয়ম অত্যন্ত কঠিন৷ এই পূজা আকৌ সূৰ্য ষষ্ঠী নামেৰেও পৰিচিত৷ এই পূজাত উপবাসে থাকি সূৰ্য আৰু ষষ্ঠী দেৱীৰ আৰাধনা কৰা হয়৷ শেষৰ দুদিন অৰ্থাৎ ষষ্ঠী আৰু সপ্তমীৰ দিনা সূৰ্যক অৰ্ঘ্য দি এই পূজা সম্পন্ন কৰা হয়৷  চলিত বছৰ কেতিয়া ষট পূজা? কোন দিনা অৰ্ঘ্য দিয়াৰ শুভ সময় জানি থওক সবিশেষ৷

ষট পূজাৰ তিথি

৫নৱেম্বৰ মঙলবাৰ ষট পূজাৰ প্ৰথম দিন৷ কাইলৈৰ পৰাই আৰম্ভ হ’ব পূজা৷ তাৰপিছতেই ৬নৱেম্বৰ বুধবাৰ ষট পূজাৰ দ্বিতীয় দিন৷ ষট পূজাৰ তৃতীয় দিনা পানীত ৰৈ উপাসনা কৰাৰ পাছত অস্তগামী সূৰ্যক অৰ্ঘ্য দিয়া হয়৷ ৭ নৱেম্বৰ বৃহস্পতিবাৰে দিয়া হ’ব সান্ধ্য অৰ্ঘ্য৷ ষট পূজাৰ চতুৰ্থ আৰু শেষ দিনা উষা অৰ্ঘ্যৰে এই উৎসৱৰ সমাপ্তি ঘটিব৷ ৮নৱেম্বৰ শুকুৰবাৰে উদিত সূৰ্যক অৰ্ঘ্য দিয়া হ’ব৷

ষট পূজাৰ ধৰ্মীয় মাহাত্ম্য

হিন্দু ধৰ্মত সূৰ্যৰ উপাসনা, সাধনা আৰু অৰ্ঘ্যৰ বিশেষ মাহাত্ম্য আছে৷ সমস্ত দেৱ-দেৱীৰ মাজত সূৰ্যই একমাত্ৰ প্ৰত্যক্ষ দেৱতা৷ শাস্ত্ৰত সূৰ্যক জগতৰ আত্মা বুলি কোৱা হয়৷ সূৰ্যৰ ৰশ্মিয়ে অন্ধকাৰ দূৰ কৰে আৰু সমস্ত জীৱ, জন্তু, উদ্ভিদ আৰু প্ৰাণীক জীৱন দান কৰে৷ জ্যোতিষশাস্ত্ৰতো সূৰ্যৰ বিশেষ মাহাত্ম্য আছে৷ যি জাতকৰ কোষ্ঠীত সূৰ্য উচ্চ আৰু তেজী, গুণী আৰু আত্মবিশ্বাসী হয়৷ এওঁলোকে জীৱনত প্ৰচুৰ মান-সন্মান লাভ কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী হয়৷

অন্যহাতে সূৰ্যৰ ভনীয়েক ষষ্ঠীৰ আৰাধনা কৰাৰো বিশেষ মাহাত্ম্য আছে৷ শাস্ত্ৰমতে ষষ্ঠী হৈছে ব্ৰহ্মাৰ মানস কন্যা, তেওঁ কাত্যায়নীৰ স্বৰূপ৷ সন্তানৰ দীৰ্ঘায়ু, সুস্বাস্থ্য, সুখ সমৃদ্ধিৰ বাবে এই পূজা কৰা হয়৷ ষট পূজা অত্যন্ত কঠিন ব্ৰত৷ এই সময়ত ৩৬ ঘণ্টা উপবাসে থাকি পূজা কৰা হয়৷ এই পূজাৰ প্ৰধান প্ৰসাদ ঠেকুৱা৷ কুলাৰ মাজত ঠেকুৱা, নাৰিকল, ফল, পাচলি সকলো সজাই কোনো নদী বা জলাশয়লৈ লৈ যোৱা হয়৷ যিয়ে ষট পূজাৰ উপবাস কৰে তেওঁলোকে এই পূজা কৰে৷ ষষ্ঠীৰ দিনা সন্ধিয়া পানীৰ মাজত থিয় হৈ সূৰ্যৰ আৰাধনা কৰাৰ পাছত পৰিয়ালৰ সদস্যসকলেও এজনৰ পাছত আনজনে কুলাত থকা গাখীৰৰ অৰ্ঘ্য দিয়ে৷

তাৰপাছতেই উষা অৰ্ঘ্যৰ সময়ত এই নিয়ম পালন কৰা হয়৷ ৩৬ঘণ্টীয়া উপবাস এনেকৈয়ে ভংগ কৰা হয়৷ উল্লেখ্য যে ষট পূজাৰ দ্বিতীয় দিনা লুচি আৰু পায়সৰ ভোগ ৰান্ধি নিবেদন কৰা হয়৷ লুচি আৰু পায়সৰ পৰা আৰম্ভ কৰি পূজাৰ বাবে ঠেকুৱাও দিয়া হয়৷

ৰামায়ণ মহাভাৰততো ষট পূজা

ৰামায়ণত ষট পূজাৰ উল্লেখ পোৱা যায়৷ কথিত আছে সীতায়েও ষট পূজা কৰিছিল৷ ১৪ বছৰ বনবাসৰ পাছত যেতিয়া ৰাম অযোধ্যালৈ উভতি আহিছিল, তেতিয়া ৰাবণ বধৰ পাপৰ পৰা মুক্তিৰ বাবে মুগদল ঋষিয়ে ৰাম আৰু সীতাক তেওঁৰ আশ্ৰমলৈ অহাৰ নিৰ্দেশ দিয়ে৷ ঋষিৰ আজ্ঞামতেই ৰাম আৰু সীতা আশ্ৰমলৈ আহি তাত ষট ব্ৰত পালন কৰে৷ শুক্লপক্ষৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ কৰি ৬দিন ধৰি সীতাই সূৰ্য পূজা কৰে৷

বহুতৰে মতে কৰ্ণই ষট পূজা কৰিছিল৷ কৰ্ণই প্ৰতিদিনে কঁকাললৈকে তিতি সূৰ্যক অৰ্ঘ্য দিছিল৷ সূৰ্যৰ আশীৰ্বাদৰ তেওঁ মহান যুদ্ধা হৈছিল৷ সেয়ে ষট পূজাত সূৰ্যক অৰ্ঘ্য দিয়াৰ প্ৰখা প্ৰচলিত আছে৷ আকৌ একাংশৰ মতে পাশা খেলত পঞ্চপাণ্ডৱ সৰ্বস্ব হেৰুৱাই দ্ৰৌপদীয়ে ষট ব্ৰত পালন কৰিছিল৷ এই ব্ৰত পালনৰ পাছত পাণ্ডৱে ৰাজ্য উভতাই পাইছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
গা/লিগা/লাজ-মা/ৰ/ধ/ৰ নহয়, এই বিষয়সমূহ টক্সিন ৰিলেছনৰ লক্ষণ

গা/লিগা/লাজ-মা/ৰ/ধ/ৰ নহয়, এই বিষয়সমূহ টক্সিন ৰিলেছনৰ লক্ষণ

১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

১৭ বছৰ মনত ৰাখিব পাৰে দুঃৰ্ব্যৱহাৰ! কাউৰীৰ প্ৰতিশোধত ছাৰখাৰ হ’ব পাৰে জীৱন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.