এজনৰ অন্যৰ প্ৰতি ভালপোৱা আছে মানেই যে সেই সম্পৰ্কটো সুখৰ তেনে নহয়৷ এটা সম্পৰ্ক সদায়ে দুজন মানুহৰ মাজতহে গঢ়ি ওঠে৷ কিন্তু তাতেই এজনৰ প্ৰতি আনজনৰ শ্ৰদ্ধা, ভৰসা থকাটোও জৰুৰী৷ কিন্তু কিছু সম্পৰ্কত দুয়োজনৰে মনৰ অমিল থাকে৷ তাত কথা কোৱাৰো ইচ্ছা নোহোৱা হয় দুয়োজনৰ৷ সৰু সৰু বিষয়তে অশান্তি লাগি যায়৷ প্ৰায় দিনেই অশান্তি আৰু কাজিয়া হয়৷ মানসিকভাৱে আপোনাক এই সম্পৰ্কই বিধ্বস্ত কৰি থাকে৷ এই সম্পৰ্কক কি বুলি কয়? কেৱল মাৰধৰ কৰিলেই, গালিগালাজ কৰিলেই যে সম্পৰ্ক টক্সিক হয় তেনে নহয়৷ আৰু কেইবাটাও বিষয় আছে, যিয়ে সম্পৰ্ক এটাক টক্সিক কৰি তোলে৷ অবিলম্বে এই সম্পৰ্কৰ পৰা বাহিৰলৈ ওলাই অহা উচিত৷
কমিউনিকেছনৰ অভাৱ
সম্পৰ্কত থাকোতে দুয়ো বন্ধু হোৱাটো ভীষণ জৰুৰী৷ এজনে অন্যৰ কথা শুনাটো দৰকাৰ৷ কিন্তু সন্মুখৰ মানুহজনে যদি আপোনাৰ কথা নুশুনে, আপোনাক যদি নুবুজে, আপোনাৰ পোৱা নোপোৱাক গুৰুত্ব নিদিয়ে তেন্তে বুজিব এই সম্পৰ্কত থকাৰ কোনো অৰ্থ নাই৷ সম্পৰ্কত কমিউনিকেছন খুবেই জৰুৰী৷ সেয়া নাথাকিলে সম্পৰ্ক জটিল হ’ব পাৰে৷
আপোনাৰ চিন্তাক তেওঁৰ ওপৰত জাপি নিদিব
এজনে যদি ক্ৰমাগত অন্যৰ ওপৰত বলপূৰ্বক নিজৰ চিন্তাক জাপি দিব খোজে তেন্তে সেয়াই সম্পৰ্কটোক জটিল কৰি তোলে৷ আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ যদি আপোনাক কোনো কাম কৰাবলৈ বাধ্য কৰে তেন্তে বুজিব আপোনাৰ পাৰ্টনাৰ মাৰাত্মক টক্সিক৷ যিয়ে আপোনাৰ সিদ্ধান্তক গুৰুত্ব নিদিয়ে, সন্মান নকৰে৷ তেনে সম্পৰ্কৰ পৰা মুক্ত হোৱাই শ্ৰেয়৷
গুৰুত্ব নিদিয়া
আপোনাক গুৰুত্ব নিদিয়া পাৰ্টনাৰৰ সৈতে জীৱন কটোৱাৰ কথা ভুলতো নাভাৱিব৷ আপুনি ক’ত গৈছে, কাৰ সৈতে গৈছে, কাৰ সৈতে কথা পাতিছে সকলো তথ্য বিচাৰে কিন্তু আপুনি কি বিচাৰে সেই গুৰুত্ব যদি পাৰ্টনাৰজনে নিদিয়ে তেন্তে বুজিব আপোনাৰ সেই ৰিলেছনটো টক্সিকেই৷ এনে সম্পৰ্ক মুঠেও স্বাস্থ্যকৰ নহয়৷
ভৰসা নকৰা
আপোনাক যদি ভৰসা নকৰে, আপোনালোক দুজনৰ মাজত যদি ভৰসাৰ স্থান নাই তেন্তে তেনে ভালপোৱা সম্পৰ্কক জীয়াই ৰাখিও লাভ নাই৷ আপোনাক যদি প্ৰতি মুহূৰ্ততেই সকলোৰে সন্মুখত সৰু দেখুৱাই দিয়ে বা প্ৰতিটো পদক্ষেপকেই জাজ কৰে তেন্তে তেনে সম্পৰ্কৰ পৰা বাহিৰলৈ ওলাই আহক৷ এই ধৰণৰ সম্পৰ্ক মুঠেও ভাল নহয়৷ এইসমূহেই টক্সিক ৰিলেছনশ্বিপৰ লক্ষণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ